24
Apr
2017

ডিজিটেল ডেস্কঃ জনাৰণ্যত প্ৰৱেশ কৰা এটা নাহৰফুটুকীৰ আক্ৰমণৰপৰা বাচিবৰ বাবে উপায় নাপাই চাদৰপৰা জাপ মৰাৰ লোমহৰ্ষক দৃশ্যৰ ভিডিঅ’ এটাই চাঞ্চল্যৰ সৃষ্ট কৰিছে সৰ্বত্ৰে।
উৰিষ্যাৰ কান্টাবাঞ্জি ফৰেষ্ট ৰেঞ্জৰ কুৰুলী গাঁৱত অতৰ্কিতে প্ৰৱেশ কৰে এটা নাহৰফুটুকীয়ে। বাঘটোৱে এজন যুৱকক আক্ৰমণ কৰাৰ পিছতে বন বিভাগক খবৰ দিয়ে গাঁওবাসীয়ে।
বিজয়ানন্দ খুণ্টা নামৰ বন বিষয়াজন ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। বাঘটোৰ উপস্থিতিৰ উমান ল’বলৈ ঘৰৰ মূধচত উঠা বনবিষয়াজনৰ ওপৰত অতৰ্কিতে জপিয়াই পৰে নাহৰফুটুকীটো।
কিংকৰ্তব্যবিমুঢ় হৈ বন বিষয়াজনে তৎমুহূৰ্ততে চাদৰপৰা জাপ মৰাত কথমপি প্ৰাণ ৰক্ষা পৰে। অলপৰ বাবেহে বাঘৰ হাতোৰাৰ পৰা ৰক্ষা পৰে বন বিষয়াজন।