
নগাঁওঃ ‘‘লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা৷ মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু৷ দীঘলতি দীঘল পাত, মাখি মাৰো জাত জাত৷’’ শনিবাৰে পুৱাই অসমৰ চহৰে নগৰে এনেদৰেই উচ্চাৰণ কৰি পৰম্পৰাগতভাবে গো-সম্পদৰ সন্মান জনাব অসমীয়াই৷
প্ৰতিজন কৃষিজীৱি অসমীয়াৰ মুখেৰে উচ্ছাৰিত হ’বলগীয়া কাব্যিক বচনেৰে মুখৰিত হৈ পৰিব সমগ্ৰ ৰাজ্য৷ শীতৰ অন্তত বসন্তই ভূমুকি মাৰে আৰু এই বসন্তৰ পৰশত গোটেই প্ৰকৃতি ৰঙচঙীয়া হৈ উঠে৷
ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে প্ৰকৃতি আৰু মানৱ জীৱনলৈও স্বাভাবিকতে বৈ আহে আনন্দৰ নিজৰা৷ মন-প্ৰাণ সজীৱ কৰি তোলে। প্ৰতিজন অসমীয়াৰ অতি চেনেহৰ বাপতিসাহোন এই বিহু সম্প্ৰতি পদাৰ্পণ কৰিছে পদূলিমুখত। সেয়ে ব’হাগী ব’হাগী গোন্ধেৰে আমোল-মোলাই পৰিছে ৷এনে এক ৰমক-জমক পৰিবেশতেই অসমীয়াই পালন কৰে বাপতি সাহোন ব’হাগ বা ৰঙালী বিহু৷ এই বিহুৰ লগত অসমৰ কৃষিজীৱি সমাজখনৰ প্ৰতিচ্ছবি স্পষ্টৰূপত প্ৰতিফলিত হয়৷
যিহেতু কৃষিজীৱি সমাজখনত গৰুয়ে চিৰকালেই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে, সেয়েহে কৃষক ৰাইজে ব’হাগ বিহু পালন কৰোতে প্ৰথমে গৰু বিহুকে পালন কৰে৷ চ’ত আৰু ব’হাগ মাহৰ পবিত্ৰ সংক্ৰান্তিৰ দিনা ওলহ-মালহেৰে পালিত হয় গৰু বিহু৷
সেইদিনা পুৱাতে গৰুক মাহ-হালধি আৰু মিঠাতেলেৰে নোৱাই-ধুৱাই লাও, বেঙেনা, থেকেৰা, কেৰেলা আদিৰে গাত ছাট মাৰি এৰি দিয়া হয় আৰু সন্ধিয়া গৰুক বেছ আদৰ-সাদৰেৰে গোহালিলৈ অনা হয়৷
তাৰ পিছত গামোচাৰ দহি আৰু তৰা বনৰ আঁহেৰে প্ৰস্তুত কৰা তথা তুলসীপাত মেৰিওৱা নতুন পঘাৰে গৰু বন্ধাৰ উপৰি গোহালি আৰু পদূলিত মৰলীয়া বন, অগৰু বন আৰু তুঁহৰ জাগ দি মাখিয়তী গছৰ পাত তথা ন-বিছনীৰে বিচি দি শ্ৰদ্ধাৰে পিঠা-পনা খুৱাই গো-সেৱা কৰাটো অসমীয়া সমাজৰ অতি প্ৰাচীন পৰম্পৰা৷
প্ৰকাশ যে, বিগত বৰ্ষৰ দৰে এইবাৰো ৰাজ্যৰ গ্ৰামাঞ্চলবোৰত হঠাতে ৰঙালী বিহুক কেন্দ্ৰ কৰি মাছ-মাংসৰ লগতে অন্যান্য অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ দাম অভাৱনীয়ভাবে বৃদ্ধি পোৱাত গঞাৰাইজে বিহু উপভোগ কৰাৰ ক্ষেত্ৰত থমকি ৰ’বলৈ বাধ্য হৈছে৷
ৰাজ্যখনত খাদ্য সামগ্ৰীৰ অবাধ হাৰত মূল্য বৃদ্ধি হোৱাত অসমীয়াই আজি ককবকাব লগা হৈছে৷ প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাত বিহুৰ বতৰত প্ৰয়োজনীয় সকলো সামগ্ৰী কিনিবলৈ এতিয়া চিন্তাত পৰিছে৷
সম্প্ৰতি জিলাখনৰ বিভিন্ন প্ৰান্তত মাছ-মাংসৰ দৰ প্ৰতিকিল’ত পূৰ্বতকৈ ৩০-৪০ টকা আৰু আন খাদ্য-সামগ্ৰীৰ দৰ প্ৰতিকিল’ত ৭-১০ টকা পৰ্যন্ত বৃদ্ধি ঘটাত গঞাৰাইজে ত্ৰাহি মধুসূদন সোঁৱৰিছে৷
ইপিনে চাকৰিয়াল একাউণ্টত টকা সোমাইছে যদিও উলিয়াবলৈ নাই এটিএম ৰাজ্যৰ গ্ৰাম্য এলেকাৰ প্ৰায় এটিএম খালি৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এটিএম খালি বুলি খবৰ আহিছে৷ দুই এটা এটিএমত টকা আছে যদিও মানুহৰ ভিৰৰ বাবে ভিতৰলৈ যাবলৈ পৰিৱেশ নাইকীয়া হৈছে৷
শনিবাৰে ১ বজাৰ পূৰ্বে ষ্টেট বেংক অৱ ইণ্ডিয়া কৰ্তৃপক্ষই তেওঁলোকৰ এটিএমত টকা সোমাই দিয়াৰ আশ্বাস দিছিল যদিও গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেয়া সম্ভৱ হোৱা নাই৷ ষ্টেট বেংক অৱ ইণ্ডিয়া উত্তৰ পূবৰ মুখ্য মহাপ্ৰবন্ধক এন মূৰ্তিয়ে এই কথা অৱগত কৰিছিল।
আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ আৰু জিলাখনৰ বিভিন্ন গ্ৰাম্য অঞ্চলবোৰত থকা এটিএমবোৰৰ অধিকাংশতে ধন নোহোৱা হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে৷