ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ বিজেপিৰ ২ মন্ত্ৰীয়ে কাঠুৱাৰ ৮ বছৰীয়া শিশু কন্যা আচিফাৰ ধৰ্ষণ-হত্যা কাণ্ডৰ অভিযুক্তক সমৰ্থন কৰি উলিওৱা ৰেলীত যোগদান কৰি বিতৰ্কৰ সৃষ্টি কৰাত সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ 

তাৰ পিছতে দুয়ো মন্ত্ৰীয়ে শুকুৰবাৰে নিশা দুয়ো মন্ত্ৰীয়ে ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল৷ দুই মন্ত্ৰীৰ এই কাণ্ডই প্ৰতিক্ৰিয়া অব্যাহত ৰখাৰ সময়তে শনিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে দুয়ো মন্ত্ৰীক কাষত বহুৱাই লৈ সংবাদ মেল অনুষ্ঠিত কৰি উত্তেজিত লোকক ক্ষান্ত কৰাৰ বাবেহে দুয়ো মন্ত্ৰীয়ে ৰেলীত অংশ লোৱা বুলি কয়৷   

প্ৰথমৰ পৰাই এই ঘটনাৰ অভিযুক্তক ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছিল বিজেপিৰ বিৰুদ্ধে৷ এই ঘটনাৰ পিছত হিন্দু একতা মঞ্চ নামৰ এটা সংগঠনৰ জন্ম হোৱাৰ লগতে এই সংগঠনৰ উদ্যোগত ধৰ্ষণৰ অভিযুক্তক আটক কৰাৰ বিৰুদ্ধে উলিয়াইছিল ৰেলী৷ এই ৰেলীত বিজেপিৰ জম্মু কাশ্মীৰৰ দুই মন্ত্ৰী চন্দ্ৰ প্ৰকাশ গংগা আৰু লাল সিঙে অংশ লয়৷ ইমানে নহয় কাঠুৱাৰ বিজেপিৰ সাংসদ জীতেন্দ্ৰ সিঙে যিয়ে অপৰাধ কৰিছে তেওঁলোকে শাস্তি পোৱা উচিত বুলি কয়৷

কিন্তু ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ অহাত সমগ্ৰ দেশ গৰজি উঠাত জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে দুয়ো মন্ত্ৰীৰ পদত্যাগ দাবী কৰা বুলি খবৰ প্ৰকাশ হয়৷ ইমানে নহয় বিজেপি পিডিপিৰ মিত্ৰজোঁটৰ চৰকাৰ ভংগ হ’ব বুলি খবৰ প্ৰচাৰ হয়৷ ফলত বিজেপিৰ দুই মন্ত্ৰীয়ে বিপদত পৰি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ হস্তক্ষেপ দাবী কৰে৷ 

দুই মন্ত্ৰীয়ে কয় যে তেওঁলোকক পদত্যাগ কৰাৰ বাবে হেচা দিয়া হোৱা নাই৷ তেওঁলোকে উত্তেজিত জনতাক ক্ষান্ত কৰাৰ বাবেহে ৰেলীত অংশ লোৱা বুলি কয়৷
অভিযোগ মতে, সংখ্যালঘু সম্প্ৰদায়ক কাঠুৱা উপত্যকা এৰিবৰ বাধ্য কৰাবৰ বাবেহে এই ধৰ্ষণ কাণ্ড সংঘটিক কৰা হৈছিল৷

উল্লেখ্য যে, বিগত জানুৱাৰী মাহৰ জম্মু কাশ্মীৰৰ কাঠুৱা ৰাচনা গাঁৱত এগৰাকী বাকাৰওৱাল সম্প্ৰদায়ৰ ৮ বছৰীয়া কন্যাক অপহৰণ কৰি নিচাজাতিয় দ্ৰব্য খুৱাই ৮ দিনে এটা মন্দিৰত ধৰ্ষণ কৰিছিল৷ পিছত মূৰত শিলেৰে মাৰি হত্যা কৰি পেলাই দিছিল শিশু কন্যা