ডিব্ৰুগড়ঃ ৰাজ্যৰ জকাইচুক, সাধাৰণ চহৰৰ পৰা আৰম্ভ কৰি গুৱাহাটী মহানগৰীলৈ এতিয়া বাপতি সাহোন ৰঙালীৰ ব্যাপক উলাহ। বসন্ত ঋতুৰ আগমনৰ লগে লগেই সকলোৰে মনত বিৰিঙিছে ৰং-উৎসাহ, হাঁহি-আনন্দ। বহাগৰ আগমনত ন-ৰূপেৰে উজলি উঠিছে প্ৰকৃতি ৰাণী, কুঁহিপাত।

অসমীয়াৰ বাপোতি সাহোন বহাগৰ বিহু উজনি অসমৰ অন্যতম জনগোষ্ঠী মটক জনগোষ্ঠীয়ে শনিবাৰে হাতীগাধৈ নাদুৱা গাণ্ট গাঁৱৰ গৰখীয়া ৰাইজৰ লগতে শৰণীয়া, ভকত বৃন্দই পালন কৰে৷

মায়ামৰা গড়পৰা হাতী গাধৈ সত্রৰ সত্রাধিকাৰ সিদ্ধানন্দ গোস্বামীৰ উপস্থিতিত মটক জনগোষ্ঠীৰ ধৰ্মীয় নীতি নিয়মেৰে শৰণীয়াসকলৰ পূৰণি ঢোলৰ চাপত যুৱকসকল বিহু নাচে৷ 

সত্রাধিকাৰ সিদ্ধানন্দ গোস্বামীয়ে গৰাখীয়া ৰাইজৰ সেৱা লয়৷ হাতী গাধৈ নাদুৱাত পৰম্পৰা অনুসৰি গ্ৰাণ্ট গাঁৱৰ ৰাইজক অাৰ্শীবাদ দিয়ে৷ অসমীয়াৰ অায়ুস ৰেখা বহাগ বিহুৰ লগতে অসমীয়া নৱবর্ষৰ প্রাকক্ষণত সমূহ অসমবাসী ৰাইজক সত্রাধিকাজনে হিয়া-ভৰা শুভকামনা জ্ঞাপন কৰে। নতুন বছৰে অনাবিল সূখ শান্তি সমৃদ্ধি কঢ়িয়াই অনাৰ কামনা কৰে।