ডিজিটেল ডেস্কঃ মোহালীস্থিত চণ্ডীগড় বিশ্ববিদ্যালয়ত ৰঙালী বিহু আয়োজনক লৈ সৃষ্টি হ’ল এক আতংক-উত্তেজনাৰ পৰিৱেশ। ৰঙালী বিহু উদযাপন কৰিবলৈ লোৱা একাংশ অসমীয়া ছাত্ৰৰ সৈতে সংঘাত হয় হাৰিয়ানাৰ ছাত্ৰৰ।  সোমবাৰে নিশাৰ ভাগত এই সংঘাতত হাৰিয়ানাৰ ছাত্ৰৰ আক্ৰমণত কেবাগৰাকী অসমীয়া ছাত্ৰ আহত হোৱা বুলি জানিব পৰা গৈছে। 

আঘাত পোৱা ছাত্ৰকেইজনক নিশাৰ ভাগতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে চণ্ডীগড়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ঘটনাক লৈ তীব্ৰ আশংকাৰ সৃষ্টি হৈছে। ঘটনাৰ বুজ ল’বলৈ আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী কিৰেণ ৰিজিজু উপস্থিত হ’ব বিশ্ববিদ্যালয়খনত।