খেৰণিঃ কাৰ্বি ছাত্ৰ সন্থা আৰু কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাংৰ বাকযুদ্ধই বিশেষ চৰ্চা লাভ কৰিছে কাৰ্বি আংলং জিলাত। পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত অনুষ্ঠিত হৈ যোৱা কাৰ্বি ছাত্ৰ সন্থাৰ এখন সভাত ছাত্ৰ নেতা চেমচন টেৰণে বিজেপি নেতা, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক বন গাহৰিৰ সৈতে তুলনা কৰাৰ অভিযোগ উত্থাপন কৰে কাৰ্বি আংলং বিজেপিয়ে৷ 

যাৰ ফলত কাৰ্বি ছাত্ৰ সন্থা আৰু বিজেপিৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে৷ ছাত্ৰ নেতা চেমচন টেৰণে হাৱাইপুৰত অনুষ্ঠিত হৈ যোৱা ছাত্ৰ সংগঠনটোৰে সভাত স্বায়ত্ত শাসিত পৰিষদৰ ব্যৰ্থতা উদঙাই ভাষণ প্ৰদান কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম আৰু তেওঁৰ নেতৃত্বৰ চৰকাৰখনক বন গাহৰিৰ সৈতে তুলনা কৰাৰ অভিযোগ উত্থাপন কৰে কাৰ্বি আংলং বিজেপিয়ে। 

পৰিষদীয় বিথুং ৰেংথমা সমষ্টিৰ বিজেপি কৰ্মীয়ে এই অভিযোগ উত্থাপন কৰি বিজেপি নেতা-কৰ্মীয়ে ছাত্ৰ নেতা চেমচন টেৰণক ৰাজহুৱা ক্ষমা বিচাৰাৰ দাবী জনায়। অন্যথাই ব্যৱস্থা গ্ৰহণৰ ভাবুকি প্ৰদান কৰি গোচৰ দিয়া হ’ব বুলি কয়। ইফালে ছাত্ৰ সংগঠটোৱে খেৰণিৰ কৃষি বিভাগৰ অতিথিশালাত অনুষ্ঠিত কৰা সংবাদমেলত ছাত্ৰ নেতা চেমচন টেৰনে কয় ‘‘চিইএম ডাঙৰীয়াক সমাজত হেয় প্ৰতিপন্ন কৰাৰ মোৰ ইচ্ছা নাই। 

অনিচ্ছাকৃত ভাৱে মোৰ জিভা পিছলি গৈছে।’’ ইফালে একেখন সংবাদ মেলত ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক মণ্ডল ইংহিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এগৰাকী দায়িত্বশীল মুখ্য কাৰ্যবাহী সদস্যই সাধাৰণ এটা কথা সহ্য কৰিব নোৱাৰি প্ৰত্যুত্তৰ দিবলৈ গৈ গালি-গালাজ কৰাৰ উপৰিও ভাবুকি প্ৰদান কৰাটো অতি দুৰ্ভাগ্যজনক। গতিকে ছাত্ৰ নেতা চেমচনে নহয় তুলিৰামেহে ওলোটা ছাত্ৰ সংগঠনক ক্ষমা বিচাৰিব লাগে বুলি উভতি ধৰে বিজেপি নেতা-কৰ্মীক৷

উল্লেখ্য যে, পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত অনুষ্ঠিত হৈ যোৱা কাৰ্বি ছাত্ৰ সন্থাৰ এখ সভাৰ ভাষণক কেন্দ্ৰ কৰি সৃষ্টি হৈছে কাৰ্বি ছাত্ৰ সন্থা আৰু বিজেপিৰ সংঘাতে বেচ চৰ্চা লাভ কৰিছে। ছাত্ৰনেতা চেমচন টেৰণৰ ভাষণক লৈ এতিয়া ক্ষোভিত আৰু আকোঁৰ গোজ বিজেপি বাহিনী, তুলিৰাম ৰংহাং। ছাত্ৰ নেতাক শীঘ্ৰে ক্ষমা বিচৰাৰ দাবী জনাই বিজেপি সমৰ্থক, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। সোমবাৰে কলঙাৰ গঢ়কাপ্তানী ডাক বাংলাত বিজেপি নেতা-কৰ্মী সমবেত হৈ ক্ষমা খোজাৰ দাবী উত্থাপন কৰে।