
তেজপুৰঃ যি সময়ত ভাৰতবৰ্ষত হিন্দু-মুছলমানৰ মাজত বৰ্ধিত হাৰত ভেদাভেদৰ ৰাজনৈতিক বীজ সিঁচি দিয়া হৈছে থিক সেই সময়তেই অসমত এখন বিয়াই বিশেষ চৰ্চা লাভ কৰিছে৷ শোণিতপুৰ জিলাৰ সদৰ চহৰ তেজপুৰত মুছলমান সম্প্ৰদায়ৰ এগৰাকী যুৱতীক এটি হিন্দু পৰিয়ালে তালি-তুলি ডাঙৰ দীঘল কৰি মঙলবাৰে বিয়াৰ দিন থিক কৰে৷
এটি অতি দৰিদ্ৰ পৰিয়ালৰ মুছলমান যুৱতীক সৰুৰে পৰা ডাঙৰ কৰি মুছলমানৰ প্ৰথাৰে এগৰাকী মুছলমান যুৱকৰ সৈতে বিয়া দিব ওলোৱা খবৰে ছচিয়লে মিডিয়াত হিন্দু আৰু মুছলমানক লৈ বাকযুদ্ধ কৰা সকলক উচিত শিক্ষা দিব বুলি কব পাৰি৷
নৈ খন তেওঁলোকৰ ঘৰখনৰ ফালে প্ৰতিবছৰে আগুৱাই আহি আছিল৷ নৈ খনত তেওঁলোকৰ ঘৰ খন বিলীন হোৱাৰ আশংকা কৰি শংকিত হৈ পৰিছিল পৰিয়ালটোৱে৷ এদিন তেওঁলোকৰ ঘৰখন সঁচাকৈ নৈ খনৰ বুকুত বিলীন হ’ল৷ পৰিয়ালটোৱে সকলো হেৰুৱাই হাহাকাৰ কৰিব লগা হয়৷
আজি ইয়াত কাইলৈ তাঁত আশ্ৰয় লব লগা হয় পৰিয়ালটোৱে৷ এসাজ খাই এসাজ লঘোণে থাকিব লগা হয় পৰিয়ালটোৱে৷ তেওলোকৰ এগৰাকী ৯ বছৰীয়া কন্যাও আছে৷ কন্যা সন্তানটোক লৈ কি কৰিব ভাবি পোৱা নাছিল পৰিয়ালটোৱে৷
সন্তানটোৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰাৰ খবৰ লাভ কৰিছিল এগৰাকী লোকে৷ তাই তেতিয়া ৯ বছৰীয়া কিশোৰী৷ ঘৰ খন হেৰুৱাই আৰ্তনাদ কৰা পৰিয়ালটোক সকাহ দিবলৈ আগবাঢ়ি আহিছিল লোকগৰাকীয়ে৷ তেজপুৰৰ গুদাম ঘাটৰ পৰিয়ালটোৰ কণমানি সন্তানটোক লৈ আহিছিল তেজপুৰৰ মানবদৰদী লোক সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰে৷
যোৱা দহটা বছৰে তেজপুৰৰ চফচিত আশ্ৰয় গৃহত তালি-তুলি ডাঙৰ-দীঘল কৰিলে কিশোৰীগৰাকীক৷ যোৱা ১০টা বছৰে নিজ কন্যাৰ মৰ্যদা দি ডাঙৰ-দীঘৰ কৰি অন্তিম পৰ্যায়লৈ নিজৰ দায়িত্ব পালন কৰে৷ তাইৰ এতিয়া বয়স ২০ বছৰ৷ নাম তাইৰ খোদেজা খাতুন৷ ২০ বছৰত ভৰি দি বিয়াৰ বয়স পোৱাৰ লগে লগে খোদেজাক পচন্দ কৰে নগাঁৱৰ ৰাঙলুৰ যুৱক জাকিৰ হুছেইনে৷
খোদেজাক চফচিত আশ্ৰয় গৃহত নিজ কন্যাৰ মৰ্যদা দিয়া পোহপাল দিয়া সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰে ঘৰ-বৰ চাই বিয়া থিক কৰে খোদেজাৰ৷ মঙলবাৰে খোদেজাৰ বিয়া৷ পুৱাৰে পৰা চিফচিত ব্যস্ত সকলো৷ সাজি-কাঁচি কইনাৰ সাজত লাজ লাজকৈ ইফালে-সিফালে ঘুৰিছে খোদেজাই৷ খোদেজাই চকুলো টুকিছে পিতৃক এৰি যাব লগীয়া হোৱাৰ দূখত৷ আনহাতে পিতৃ সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰে চকুলো টুকি পাৰ কৰিছে বিয়াৰ দিনটো৷ তাই মোৰ মন জয় কৰিছিল৷ তাই আমাৰ সকলোৰে মন জয় কৰিছিল৷ তাইক মই আজি ধৰ্ম পিতৃ হিচাপে বিদায় দিম বুলি কয় সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰে৷
সৎ শব্দৰ অৰ্থ সাধু, সন্ত, ধাৰ্মিক। সততা হ'ল সৎ গুণ আৰু সাধুতা। সৎ লোকেই হ'ল সুখী লোক। সৎ মানুহ বুলি যাক ক'ব পাৰি তেওঁ আচলতে আমাৰ সাধাৰণ মানুহতকৈ ওপৰৰ এটা আদৰ্শ। এজন সৎ লোক সকলোৰে আদৰ-সন্মান পোৱাৰ যোগ্য। বিশ্বৰ বহুতো মহান কবি-সাহিত্যিক আৰু দাৰ্শনিকে সৎ লোকসকল ঈশ্বৰৰ মহান সৃষ্টি বুলি অভিহিত কৰিব খোজে। ইফালে সমাজ খনত হিন্দু মুছলমানক লৈ বিভেদৰ ৰাজনীতি আনফালে সমাজৰ পূজাৰি সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰ হতৰ দৰে লোকে সমাজ খনক দিছে মানবতাৰ শুভ বাৰ্তা৷