ডিডিটোল ডেস্কঃ নৃশংসতাৰো এটা চৰম সীমা থাকে৷ কিন্তু এগৰাকী কণমানিৰ ধৰ্ষণৰ বাতৰিয়ে অতিক্ৰম কৰে নৃশংসতাক চৰম সীমাও৷ কাঠুৱা কাণ্ডৰ বিচাৰ সম্পূৰ্ণ নৌহওঁতেই এইবাৰ ধৰ্ষণৰ বলি হৈ মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল এটি চাৰিমহীয়া কণ্যা শিশুৱে৷ 

বৃহস্পতিবাৰৰ নিশা এই ঘটনা সংঘটিত হয় মধ্যপ্ৰদেশৰ ইন্দোৰৰ এখন অাভিজাত তথা ঐতিহাসিক অঞ্চল ৰাজৱয়াৰাত৷ কোনো হিংস্ৰ মানৱৰ পাশৱিক কামনাৰ বলি হৈ চাৰিমহীয়া নিস্পাপ শিশুটোৱে প্ৰাণ হেৰুৱায়৷ 

শুকুৰবাৰে এজন স্থানীয় দোকানীয়ে ইন্দোৰৰ হেৰিটেজ শিৱ বিলাসৰ ওচৰত মৃত শিশুকন্যাটিৰ ক্ষত-বিক্ষত দেহটো দেখি আৰক্ষীক অৱগত কৰে৷ পিছত শিশুটিক ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি তদন্তকাৰীসকলে নিশ্চিত কৰে৷ কৰ্তব্যৰত আৰক্ষীৰ গাফিলতিৰ বাবেই এনে এটি নৃশংস ঘটনা সংঘটিত হৈছে বুলি শিশুটিৰ অভিভাৱকে অভিযোগ উত্থাপন কৰে৷ ফলত নিশাৰ কৰ্তব্যৰত আৰক্ষী বিষয়া ত্ৰোলিক সিং ভাৰকাডেক চাকৰিৰ পৰা নিলম্বন কৰা হয়৷ 

পেছাত বেলুন বিক্ৰেতা শিশুটিৰ পিতৃয়ে জনোৱা মতে, বৃহস্পতিবাৰে নিশা শিশুটি মাকৰ সৈতে ঘৰৰ চাদত শুই থকা সময়তে অভিযুক্তই শিশুটিক লৈ যায়৷ কিন্তু সেই সময়ত পথত তহলদাৰী আৰক্ষী উপস্থিত থকাৰ পিছতো কেনেকৈ এনে ঘটনা ঘটিবলৈ পালে সেই লৈ এতিয়া বহুতৰে মনত প্ৰশ্ন উদয় হৈছে৷ 

ইফালে চিচিটিভি ফুটেজত দেখিবলৈ পোৱা মতে, পুৱতি নিশা ৪-৪৫ মিনিটত এজন ব্যক্তিয়ে চাইকেলেৰে শিশুটিক শিৱ বিলাস পেলেচৰ ওচৰত নিৰ্মীয়মান এটি ঘৰৰ ভিতৰলৈ লৈ যায়৷ কিছু সময় পাছত ব্যক্তিজন ভিতৰৰ পৰা ওলাই আহে যদিও সেই সময়ত শিশুটি লগত নাছিল৷ 

মৃত শিশুটিৰ মাকে জনোৱা মতে, নিশা প্ৰায় তিনি বজাত তেওঁ এবাৰ শিশুটিক লক্ষ্য কৰি পুনৰ শুই পৰিছিল৷ পুৱা প্ৰায় ৫ বজাত তেওঁ সাৰ পাই তেওঁ কাষত শিশুটিক নেদেখাতহে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত শিশুটিক বিচাৰি নাপায় অভিভাৱকে সাৰাফা আৰক্ষী চকীত এখন এজাহাৰ ৰুজু কৰে৷ পাছত শিৱ বিলাস পেলেচৰ সমীপত উদ্ধাৰ হোৱা মৃত শিশুটো শিশুটিৰ মাতৃয়ে চিনাক্ত কৰে৷