নামতিঃ চিপ চিপ বৰষুণত তিতাৰ হেপাঁহ কাৰ নাথাকে বাৰু৷ কিন্তু বৰষুণ যেতিয়া মুষলধাৰ হয় আৰু এজাক বৰষুণতে যেতিয়া ৰাজপথ ভৰি পৰে, তেতিয়া বাৰু সুখী হ’ব কোন? শিৱসাগৰ জিলাৰ বিভিন্ন চহৰত এতিয়া তেনেই পৰিৱেশ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ জিলাৰ বিভিন্ন চহৰত এজাক বৰষুণতে একাঠু পৰ্যন্ত পানী হোৱাৰ ফলত ৰাইজে বিপদত পৰিব লগা হয়৷ 

শিৱসাগৰ জিলাৰ আমগুৰি আৰু নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত নামতি চাৰিআলিত শনিবাৰে এজাক বৰষুণতে একাঠু পৰ্যন্ত পানী হোৱা দেখা যায়। সদাব্যস্ত নামতি চাৰি আলিতেই সংযোগ হৈছে ঐতিহাসিক ধোদৰ আলি আৰু খৰিকটিয়া আলি। নামতি চাৰিআলিৰ বুকুৰে দৈনিক কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র-ছাত্রী, চিকিৎসালয়লৈ ৰোগীৰ লগতে শ-শ যান বাহন চলাচল কৰে। 

নামতি চাৰিআলিৰ মাজমজিয়াত এনে অৱস্থা প্ৰত্যক্ষ কৰি গ্ৰাম্য এলেকাৰ কথা ভাবিবই নোৱাৰি৷ গড়কাপ্তনী বিভাগৰ চূড়ান্ত হেমাহিৰ বাবে অঞ্চলটোৰ কেন্দ্ৰ নামতি চাৰিআলি বৰ্তমান পানীৰ তলত। এজাক বৰষুণতেই সম্পূৰ্ণ জলমগ্ন হোৱাত জনজীৱন ব্যাহত হোৱাৰ লগতে প্ৰতিদিনে সৰু-বৰ দুৰ্ঘটনা সংঘটিত হ’ব ধৰিছে। নিৰ্মিয়মান পথটো লেহেমীয়া গতিত কাম চলাই থকাৰ ফলতে এনে অৱস্থা হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷

গড়কপ্তানী বিভাগে বিজ্ঞানসন্মত পৰিকল্পনা নোহোৱাকৈ পথৰ লগতে পানী যোৱা নলাসমূহে নিৰ্মাণ কৰাত জটিলতাৰ সৃষ্টি কৰা বুলি কয়। পথৰ দুয়োকাষৰ নলা বিজ্ঞান সন্মত ভাৱে নিৰ্মাণ নকৰাৰ ফলতে পানীৰে ভৰি পৰা বুলি ৰাইজে কয়৷ 

পূৰ্বে পথটো নিৰ্মাণ কৰা হৈছিল যদিও নলা সমূহ নিৰ্মাণ কৰিব নকৰাত পানী ওলাই যাব নোৱাৰাত পানী জমা হয় নামতি চাৰিআলিত৷ নলা সমূহ সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰাত এনে পৰিৱেশ হোৱা বুলি কয় ৰাইজে। নিৰ্মাণ কৰা নলা সমূহৰো ওপৰত শ্লেপ নিদিয়াত যিকোনো সময়ত অঘটন সংঘটিত আশংকা কৰা হয়৷ 

আমগুৰি আৰু নাজিৰা সমষ্টিৰ অন্তর্গত জৰাজীর্ণ নলা সমূহ বিধায়ক প্রদীপ হাজৰিকা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ চকুত পৰিবনে সেয়া লক্ষণীয় হ’ব।