
নগাঁওঃ সদৌ অসম সাহিত্য সন্মিলনে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আগবঢ়াইছে ঐক্যতান বঁটা৷ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অহা কেইবাগৰাকী বিশিষ্ট লোকৰ এইবেলি নগঞা বিশিষ্ট লেখক তথা কবি অনিল চন্দ্ৰ নাথক প্ৰদান কৰা হৈছে বিশেষ সাহিত্য সন্মান৷ যোৱা ২২ এপ্ৰিলত গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগঞা কবিগৰাকীক আনুষ্ঠানিকভাবে প্ৰদান কৰা হয় এই বঁটা৷
এই মৰ্মে সদৌ অসম সাহিত্য সন্মিলনৰ প্ৰচাৰ সম্পাদক প্ৰণৱ কুমাৰ নদীয়ালে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইন, বিশিষ্ট লেখিকা কাবেৰী কছাৰী ৰাজকোঁৱৰ, কবি ৰাম গোস্বামী, গল্পকাৰ ৰিজু হাজৰিকা, সদৌ অসম সাহিত্য সন্মিলনৰ সভাপতি ৰবচন লাল বৰুৱা, সম্পাদক অবিনাশ শৰ্মা, প্ৰাগজ্যোতি কমিউনিকেশ্বনৰ অধ্যক্ষ দীপাংকৰ হাজৰিকা, কেৰিয়াৰ পৰামৰ্শদাতা ড০ বুলজিৎ বুঢ়াগোহাই, সু-লেখিকা মীৰা দেৱীকে প্ৰমুখ্য কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷
উল্লেখ্য, এগৰাকী কবি, লেখক, অভিনেতা, চিত্ৰশিল্পী হিচাপে সুপৰিচিত অনিল চন্দ্ৰ নাথ পেছাত এগৰাকী শিক্ষক৷ কাব্য তথা সাহিত্যচৰ্চাক অন্তঃকৰণেৰে ভালপোৱা নাথে দীৰ্ঘদিনৰে পৰা একাত্মভাবে কাব্য আৰু সাহিত্য চৰ্চাত মনোনিবেশ কৰি আহিছে৷ ইতিমধ্যে তেওঁৰ বহু সংখ্যক কবিতা,গল্প,প্ৰৱন্ধ তথা তত্ত্বগধূৰ লেখা বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পোৱাৰ লগতে তেওঁ কেইবাখনো গ্ৰন্থও লিখি উলিয়াইছে৷ কিছুদিনৰ পূৰ্বে তেওঁক হাৰিয়ানাত ড০ বি আৰ আম্বেদকাৰ বিচাৰ মঞ্চই ৰাষ্ট্ৰীয় গৌৰৱৰ সন্মানেৰে সন্মানিত কৰিছিল৷