
ডিজিটেল ডেস্কঃ দীৰ্ঘকালীন উন্নয়নৰ লক্ষ্য আগত ৰাখি চীন আৰু ভাৰতৰ মাজত তিক্ততা দুৰ কৰি মৈত্ৰী সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে চীনলৈ উৰা মাৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই অনানুষ্ঠানিক বৈঠকত দুয়োখন দেশৰ সৈতে সম্পৰ্কিত উন্নয়নমূলক সমস্যা আৰু সমাধানৰ বাট মোকলাবৰ বাবে খৰচি মাৰি আলোচনা হ’ব বুলি জানিব পৰা গৈছে।
বিমানত উঠাৰ পুৰ্বে মোডীয়ে এক টুইটযোগে ভ্ৰমণৰ উদ্দেশ্যৰ কথা থোঁৰতে টুইট কৰি কয় যে দ্বিপাক্ষিক আৰু গোলকীয় স্তৰত বিদ্যমান সমস্যাসমূহৰ ওপৰত চীনৰ প্ৰেচিডেণ্ট শ্বি জিনপিঙৰ সৈতে মত বিনিময় কৰিব। বিগত বছৰত দেশদুখনৰ মাজত ডোকলামক লৈ ৭৩ দিনীয়া স্থবিৰ অৱস্থাৰ পিছত এনেদৰে প্ৰথমবাৰৰ বাবে শ্বি জিনপিঙক সাক্ষাত কৰিবলৈ যোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে য়ুহানত উপস্থিত হ’ব। তাৰ পিছত মুখামুখিকৈ জিনপিঙৰ সৈতে আলোচনাত বহিব।
কি কি আলোচনা হ’ব পাৰেঃ
⇒ সীমাবিবাদ
⇒ পাৰমাণৱিক যোগান গোটত ভাৰতৰ প্ৰৱেশৰ বাবে চীনৰ সঁহাৰি
⇒ মাছুদ আজহাৰক সন্ত্ৰাসবাদী ঘোষণা কৰাৰ বাবে ভাৰতে ৰাষ্ট্ৰসংঘত দাখিল কৰা আবেদনত চীনৰ সন্মতি
⇒ চীনৰ বেল্ট এণ্ড ৰোড প্ৰকল্প
President Xi and I will exchange views on a range of issues of bilateral and global importance. We will discuss our respective visions and priorities for national development, particularly in the context of current and future international situation.
— Narendra Modi (@narendramodi) April 26, 2018
চীনৰ প্ৰেচিডেণ্টগৰাকীৰ সৈতে আলোচনাৰ বাট মুকলি হৈছিল দুমাহ আগতে যেতিয়া বৈদেশিক সচিব বিজয় গোখলেয়ে জ্যেষ্ঠ নেতা আৰু চৰকাৰী বিষয়ববীয়ালৈ দালাই লামাৰ ৬০ বছৰীয়া নিৰ্বাসন উদযাপন নকৰিবলৈ পত্ৰযোগে অনুৰোধ জনাইছিল।
২২ এপ্ৰিলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে চীনা কাউন্সিলৰ আৰু দেশখনৰ বৈদেশিক মন্ত্ৰী ৱাং ৱাইক বেইজিঙত সাক্ষাত কৰিছিল। অনুষ্ঠানটো আছিল চাংহাই কপোৰেছন অৰ্গেনাইজেশ্যনৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক।
২০১৪ চনত ক্ষমতালৈ অহাৰ পিছত মোডীৰ এয়া চতুৰ্থটো সাক্ষাত আৰু দ্বিতীয়টো দ্বিপাক্ষিক সাক্ষাত। য়ুহানত মোডী-জিনপিঙে দেশদুখনৰ মাজত পাৰস্পৰিক বিশ্বাসৰ সম্পৰ্ক গঢ়ি তোলাৰ লগতে দীৰ্ঘদিনীয়া সমস্যাবোৰৰ ওপৰত আলোকপাত কৰিব বুলি চীনৰ উপ বৈদেশিক মন্ত্ৰী কং যুৱানিউৱে পিটিআই যোগে জানিবলৈ দিছে।