ডিব্ৰুগড়ঃ যোৱা ২৫ এপ্ৰিলৰ নিশা গুৱাহাটী মহানগৰীৰ ভঙাগড়ৰ গোপাল চন্দ্ৰ বৰা নামৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰজনৰ ফ্লেটত ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই অসম লোকসেৱা আয়োগৰ উত্তৰ বহী উদ্ধাৰৰ পিছতে অসম লোক সেৱা আয়োগৰ তদন্তই নতুন মোৰ লোৱাৰ লগতে নতুন নতুন লোকৰ নাম পোহৰলৈ আহিব বুলি চৰ্চা আৰম্ভ হৈছে৷ 

তাৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে তদন্তৰ খাতিৰত প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ গোপাল চন্দ্ৰ বৰাক ডিব্ৰুগড়লৈ তলব কৰাত শনিবাৰে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত হাজিৰ হয় গোপাল চন্দ্ৰ বৰা। উক্ত নিশা ফ্লেটৰ গৰাকী গোপাল চন্দ্ৰ বৰাই আৰক্ষীক ধৰা দিয়া নাছিল যদিও শনিবাৰে খোদ ডিব্ৰুগড় আৰক্ষী থানাত হাজিৰ হয়।

গোপাল চন্দ্ৰ বৰাক সোধ-পোছ কৰাৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে বহু তথ্য উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। ২৫ এপ্ৰিলৰ নিশা ভঙাগড়ৰ এপাৰ্টমেণ্টত অভিযান চলাই ডিব্ৰুগড় আৰক্ষীয়ে ৫০০ পৃষ্ঠাৰ ভুৱা উত্তৰবহী জব্দ কৰাৰ পিচতেই অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ আন কেতবোৰ নতুন তথ্য উন্মোচন হৈছে৷ প্ৰথম পৃষ্ঠাৰ ২০০, মাজৰ পৃষ্ঠাৰ ৩০০ সহ মুঠ ৫০০ উত্তৰ বহীৰ পৃষ্ঠাৰ উত্তৰবহী জব্দ কৰে৷ তদন্তত অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ নতুন তথ্য পোহৰলৈ আহিছে বুলি জানিব পৰা গৈছে৷ 

জানিব পৰা মতে ঘৰটো ৰাকেশ পালক ভাড়া দিছিল বৰাই৷ গোপাল চন্দ্ৰ বৰাই ২০১৬ চনৰ অক্টোবৰ মাহত ৰাকেশ পালক ভাড়ালৈ দিছিল ফেল্টটো।
গোপাল চন্দ্ৰ বৰা সৎসংগ বিহাৰৰ অনুকূল ধৰ্মৰে দীক্ষিত হোৱাৰ সুবাদতে ৰাকেশ পালৰ অন্যতম ঘনিষ্ঠ লোক আছিল।

ইপিনে জব্দ কৰা বহীসমূহ শনিবাৰে আৰক্ষীয়ে আদালতক জমা দি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে। আনহাতে ডিব্ৰুগড় আৰক্ষীয়ে ৰাকেশ পালৰ ঘনিষ্ঠ গোৱালপাৰাৰ কৃষ্ণাই স্বপন সাহা আৰু ৰাকেশ পালৰ পত্নী সুনন্দা পালকো পুনৰ তদন্তৰ আওতালৈ অনাৰ লগতে শীঘ্ৰে ডিব্ৰুগড়লৈ তলব কৰিব বুলি জানিব পৰা গৈছে।

২০১৬ চনৰ অক্টোবৰ মাহত ৰাকেশ পালক ভাড়ালৈ দিয়া ফেল্টটো তেতিয়াৰ পৰাই বন্ধ হৈ থকাৰ পাছত তেওঁৰ পত্নীয়ে কিছু দিন পূৰ্বে বিভিন্ন সা-সামগ্ৰী উলিয়াই নিছিল বুলি জানিব পৰা যায়। অৱশ্যে ফ্লেটৰ পৰা উক্ত বহী সমূহ উলিয়াই নিব নোৱৰাৰ বাবে এই বিয়াগোম কেলেংকাৰীৰ সন্দৰ্ভত নতুন তথ্য লাভ কৰে৷ ডিব্ৰুগড় আৰক্ষীয়ে শুকুৰবাৰে পুনৰ আৰক্ষীয়ে হাজিৰ হ’বলৈ তলব কৰিছে বৰাক৷