নামতিঃ কোনোকালে নেদেখা প্ৰাণী এটাক দেখি শিৱসাগৰ জিলাৰ নামতিত ৰাইজৰ মনত কৌতুহলে দেখা দিয়ে। নামতি চাৰিআলিৰ বেলুন আলীৰ চোতালত উদ্ধাৰ হোৱা প্ৰাণীটো দৰাচলতে এটা বনৰৌ হে৷ শিৱসাগৰ জিলাৰ নামতি চাৰিআলিত সোমবাৰে নিশা উদ্ধাৰ হয় বনৰৌটো৷ 

নামতি চাৰিআলিৰ বেলুন আলীৰ চোতালত বনৰৌটো প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ সহযোগত আৱদ্ধ কৰে পৰিয়ালটোৱে। বেলুন আলীয়ে বনৰৌ উদ্ধাৰ হোৱাৰ পিছতো মোবাইল ফোনযোগে বন বিভাগক অৱগত কৰি বনৰৈটো নিবলৈ কয়৷

কিন্তু ফোন কৰাৰ ১৫ ঘণ্টা অতিক্ৰম কৰাৰ পিছতো বনৰৌটো নিবলৈ উপস্থিত নহ'ল বন বিভাগৰ লোক। প্ৰকাণ্ড বনৰৌটো চাবলৈ বেলুন আলীৰ বাসগৃহৰ উপস্থিত হোৱা অগণন ৰাইজে বন বিভাগৰ এনে চৰম অৱহেলাক তীব্ৰ ভাষাৰে সমালোচনা কৰে। বন বিভাগৰ মালিক সলনি হৈ পৰিমল শুক্লবৈদ্যৰ হাতলৈ যোৱাৰ লগে লগে বিষয়া-কৰ্মচাৰীৰ কাম কৰাৰ ধৰণো হয়তো সলনি হৈছে৷ 

ৰাইজে খবৰ দিয়াৰ ১৫ ঘণ্টাৰ পিছতো বন বিভাগে বনৰৌ নিবলৈ নহাত বেলুন আলীয়ে সাংবাদিকৰ সহযোগত কালুগাঁৱৰ অৰণ্যম নামৰ প্ৰকৃতি প্ৰেমী সংগঠনটোক চমজায় দিয়ে বনৰৌটো৷ 

সম্প্ৰতি এই প্ৰাণীবিধ অসমৰ বুকুত প্ৰায় বিলুপ্ত হৈছে আৰু অসমত কেইটামানহে বনৰৌ জীয়াই আছে। বনৰৌ ক’ৰবাত ওলালে মঙহৰ বাবে হত্যা কৰা হয় যদিও বেলুন আলীয়ে বনবিভাগক গতাই দিব বিচাৰিও বিফল হোৱাত ক্ষোভিত হৈ পৰে বন বিভাগৰ বিৰুদ্ধে৷ আনহাতে বনৰৌ এটি সুৰক্ষিত কৰাৰ বাবে যি চেষ্টা চলালে তাৰ বাবে ৰাইজে ধন্যবাদ জ্ঞাপন কৰে বেলুনক৷