
কোকৰাঝাৰঃ প্ৰতিকুল বতৰকো নেওঁচি পৃথক বড়োলেণ্ড ৰাজ্য গঠন, প্ৰস্তাৱিত বড়োলেণ্ড এলেকাৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা, কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যদা প্ৰদান কৰা আৰু পৃথক বড়োলেণ্ড সমস্যা সমাধান বাবে শীঘ্ৰেই ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবীত বুধবাৰৰ পৰা এবছু, এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমে যৌথভাৱে কোকৰাঝাৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে।
প্ৰতিকুল বতৰকো নেওঁচি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেবা সহস্ৰাধিক জনগণে হাতে হাতে বেনাৰ ফেষ্টুন প্লেকাৰ্ড লৈ কোকৰাঝাৰ কাৰিগাঁৱৰ ৩১নং (গ) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷ কেবা সহস্ৰাধিক জনতাই প্ৰতিকুল বতৰকো নেওঁচি ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান গ্ৰহণ কৰাত যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। পিকেটিংকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান গ্ৰহণ কৰি হাতে হাতে বেনাৰ ফেষ্টুন লৈ বিজেপি চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, বড়োলেণ্ড আমাাক লাগিবই আদি শ্ল’গানেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ উত্তাল কৰি তোলে।
ইপিনে এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে বিজেপি চৰকাৰৰ উদাসীনতাক তীব্ৰ ভাষাৰে গৰিহণা দি পৃথক বড়োলেণ্ড সমস্যা সমাধানৰ বাবে শীঘ্ৰেই ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনায়। বিজেপি চৰকাৰক ভোট দিয়াটো ভুল আছিল নেকি বুলি প্ৰশ্ন উত্থাপনেৰে বিজেপিৰ মিথ্যাচাৰক তীব্ৰ ভাষাৰে ককৰ্থনা কৰে। মোডী চৰকাৰ সকলোতকৈ বেচি দায়িত্বজ্ঞানহীন আৰু অবিশ্বাসীৰ চৰকাৰ বুলি অভিহিত কৰি সংগঠন তিনিটাৰ নেৰ্তৃবৰ্গই বিজেপিৰ চৰকাৰক জনজাতি বিৰোধী বুলি আখ্যা দিয়ে।
বুধবাৰৰ পৰা আৰম্ভ হোৱা পাঁচদিনীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ পিছতো চৰকাৰৰ গা নলৰিলে পৰবৰ্তী পৰ্যায়ত আমৰণ অনশন, ৩৬ ঘণ্টীয়া চকা বন্ধ আৰু ৰে'ল অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি ভাবুকি প্ৰদান কৰে এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে। অৱৰোধ কাৰ্যসূচীত এনডিএফবি(প্ৰ), পিজেএচিবিএমৰ নেৰ্তৃবৰ্গৰ উপৰিও বহু সংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰাৰ লগতে কেবা সহস্ৰাধিক জনতাই কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান গ্ৰহণ কৰি যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে স্তব্ধ কৰি তোলে।