
ওদালগুৰিঃ দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত চলি থকা এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ সদৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ ওদালগুৰি জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।
ওদালগুৰিৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে৷ হাতে হাতে প্লেকাৰ্ড লৈ দিনৰ এঘাৰ বজাৰ পৰা দুঘণ্টীয়াকৈ প্ৰতিবাদ সাব্যস্ত কৰি এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত জড়িত একাংশ কৰ্মচাৰীয়ে কোনো ধৰণৰ নীতি নিয়ম পালন নকৰি ভেৰিফিকেশ্বনৰ নামত বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে।
সংগঠনটোৰ নেতৃত্বই এনআৰচিৰ ভেৰিফিকেশ্বনৰ বাবে একাংশ লোকে তথ্য মজুত কৰাত কিছু সময়ৰ প্ৰয়োজন হয় যদিও এই উপযুক্ত সময় কৰ্তৃপক্ষৰ পৰা লাভ কৰা নাই। ইয়াৰোপৰি সময়মতে ভেৰিফিকেশ্বনৰ জাননীসমূহ নহাৰ বাবে ৰাইজ বিভিন্ন ধৰণে অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে যিসকল লোকে পলমকৈ জাননী পোৱাৰ বাবে ভেৰিফিকেশ্বনত উপস্থিত হ’ব পৰা নাই তেওঁলোকক পুনৰ সুবিধা প্ৰদানৰ আহ্বান জনায়৷ এঘাৰ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ গৃহ মন্ত্ৰীলৈ প্ৰেৰণ কৰে।
গনতান্ত্ৰিক প্ৰতিবাদৰ ভাষা চৰকাৰে বুজি নাপালে তথা গনতান্ত্ৰিক আন্দোলনক সন্মান নজনালে ভৱিষ্যতে ন্যায়ালয়ৰ কাষ চপাৰ কথা সংগঠনটোৱে ভাবিবলৈ বাধ্য হ’ব বুলিও আমছু নেতৃত্বই প্ৰকাশ কৰে। প্ৰতিবাদী কাৰ্যসূচীত জিলা আমছুৰ সভাপতি-সম্পাদক ফুল মামুদ আৰু মহিবুল ইছলাম উপস্থিত থাকে।