নলবাৰীঃ ৰাজ্যৰ চোৰাংচোৱা বিভাগে সময়ে সময়ে ইছলামিক উগ্ৰপন্থীয়ে অসমৰ বিভিন্ন স্থানত ভয়াবহ আক্ৰমণ কৰাৰ আশংকা ব্যক্ত কৰি আইন শৃংখলাৰ দিশ উন্নত কৰাৰ বাবে কৈ অহাৰ সময়তে নলবাৰী জিলাত আইচিছৰ পতাকা উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

পতাকা উদ্ধাৰৰ লগে লগে অসমৰ চোৰাংচোৱাৰ সন্দেহ সত্য বুলি প্ৰমাণিত কৰাৰ লগতে বিশ্বত নৰমেধ যজ্ঞ অব্যাহত ৰখা আইচিছে সচাকৈ খোপনি পুতিছে নেকি বুলি চৰ্চা আৰম্ভ হৈছে৷ আনহাতে জাতি-মাটি-ভেটিৰ কথা কোৱা ৰাজ্য চৰকাৰখনে আইন শৃংখলাৰ দিশ উন্নত কৰাত বিফল হৈছে নকি বুলি প্ৰশ্ন উত্থাপন হৈছে৷ 

জানিব পৰা মতে, বৃহস্পতিবাৰে নলবাৰী জিলাৰ ককৈয়াত এডাল ৰাধাচূড়াৰ গছত ISISৰ পতাকা দুখন প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে৷ পিছত স্থানীয় ৰাইজে এই বিষয়ে আৰক্ষীক অৱগত কৰোৱাত আৰক্ষীয়ে পতাকাদুখন জব্দ কৰে৷ পতাকা দুখন উদ্ধাৰ হোৱাৰ পিছতে সন্ত্ৰাসবাদী সংগঠনটোৱে কূটাঘাতমূলক কাণ্ড সংঘটিত কৰাৰ আংশকাত অঞ্চলবাসী ভিতীগ্ৰস্থ হৈ পৰে৷

ইফালে বৃহস্পতিবাৰে নলবাৰী চহৰৰ নাতিদূৰৰ ককৈয়াত সন্ত্ৰাসবাদী সংগঠন আইচিছৰ পতাকা দুখন উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষী সষ্টম হৈ পৰাৰ লগতে জিলা খনৰ দল-সংগঠন প্ৰতিবাদ সাব্যস্ত কৰে৷ 

সদৌ অসম ছাত্ৰ সন্থাৰ নলবাৰী জিলা সমিতিয়ে শুকুৰবাৰে আইচিছৰ পতাকা উদ্ধাৰ হোৱা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি নলবাৰী চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে৷ ছাত্ৰ সংগঠনটোৱে ৰাজপথত আইচিছৰ প্ৰতীকি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি সাম্প্ৰাদায়িক বিষবাস্প বিয়পোৱা শক্তিক ৰঠোৰ হাতেৰে দমন কৰাৰ দাবী জনাই চৰকাৰক৷