তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কুজুপথাৰত আলফা স্বাধীন আৰু আৰক্ষীৰ মাজত সংঘটিত সংঘৰ্ষত এগৰাকী যুৱ আৰক্ষীৰ বিষয়াৰ মৃত্যু হোৱাৰ বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

আলফা স্বাধীনেৰে আৰক্ষী-সেনাৰ সংঘৰ্ষত গুলীবিদ্ধ হৈ চিকিৎসালয়ত মৃত্যুক আকোৱালি লয় বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাই। জানিব পৰা মতে, দিনৰ পাৰয় ১২ বজাত আলফাৰ দল এটা বৰডুমচাত প্ৰৱেশৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷ 

তাৰ পিছতে যুৱ আৰক্ষী বিষয়াগৰাকীয়ে চিআৰপিএফৰ দল সহ ঘেৰাও কৰে উক্তস্থান৷ আলফাৰ দলটোৰ সৈতে প্ৰথমে গুলীয়াগুলি লাগে আৰক্ষী-চিআৰপিএফৰ৷ পিছত সেনাই নেতৃত্ব লয় অভিযানৰ৷ তেনে সময়তে আলফাৰ দলে গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে একেৰাহে গুলিচালনা কৰাত বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ দেহত কেইবাটাও গুলী লাগে৷ 

ততাতৈয়াকৈ ভাস্কৰ কলিতাক ডিগবৈৰ অইল হস্পিতালত ভৰ্তি কৰে যদিও চিকিৎসাকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ আনহাতে আৰক্ষী, চিআৰপিএ আৰু সেনাৰ গুলীত দুজল আলফা স্বাধীনৰ সদস্য নিহত হোৱাৰ লগতে দুজন মহিলা কেডাৰ ধৰা পৰে৷ বৰ্তমানেও সেনাৰ নেতৃত্বত অভিযান অব্যাহত আছে৷ আলফাৰ দলটো ১২ জনীয়া আছিল বুলি জানিব পৰা গৈছে৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ বাহনৰ চালক আৰু ৩গৰাকী চিআৰপিএফৰ জোৱান আহত হয়।