ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত এগৰাকী বিএছএফ জোৱানে ৩ সতীৰ্থক গুলীয়াই হত্যা কৰাৰ লগতে নিজেও আত্মহত্যা কৰে৷ উনাকাটা জিলাৰ বিঅ’পি মগৰুইত থকা চিআৰপিএফৰ অস্থায়ী শিবিৰত এই ঘটনা সংঘটিত হৈছে৷ 

জোৱান জনে প্ৰথমে সতীৰ্থক গুলীয়াই হত্যা কৰে তাৰ পিছত নিজেও আত্মহত্যা কৰে৷ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক শংকৰ দেৱনাথে জনোৱা মতে, জোৱান জনে নিজ চাৰ্ভিচ বন্দুকেৰে নিৰ্বিচাৰ গুলীচালনে কৰে আৰু তাৰ পিছতে নিজেও আত্মহত্যা কৰে৷ 

এগৰাকী জোৱানৰ থিতাতে মৃত্যু হয় যদিও আন জোৱানক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়ত মৃত্যুক আকোৱালি লয়৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ কোনো ব্যক্তিগত শত্ৰুতাৰ বাবে এই কাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷