
নগাঁওঃ দেওবাৰে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ টুকটুকীত সচেতন নাগৰিক মঞ্চৰ উদ্যোগত কটহগুৰি মহাবিদ্যালয় প্ৰাংগণত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়৷ পুৱা প্ৰায় ১০ বজাৰ পৰা কটহগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা সচেতন নাগৰিক মঞ্চৰ সভাপতি আবুল হাসেন মিৰ্দাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে বিশিষ্ট শিক্ষাবিদ তথা সচেতন নাগৰিক মঞ্চৰ সম্পাদক ড০ মানিক উজ জামান চৌধুৰীয়ে৷
শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত বৃহত্তৰ অঞ্চলৰ বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত বিষদভাবে আলোচনা কৰা হয়৷ স্থানীয় উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালনা সমিতি গঠন সন্দৰ্ভত বিস্তৃতৰূপত আলোচনা কৰি সৰ্বসন্মতক্ৰমে সমিতিখনৰ সভাপতি আৰু উপ-সভাপতিৰ নাম নিৰ্বাচিত কৰা হয়৷
সেই মৰ্মে চাৰমিনা চৌধুৰীক সভাপতি আৰু জাহাংগীৰ আলমক উপ-সভাপতিৰূপে মনোনিত কৰি সভাই প্ৰয়োজনীয় অনুমোদনৰ বাবে বিভাগীয় উৰ্ধ্বতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ বাবে এক প্ৰস্তাৱ সভাত গ্ৰহন কৰা হয়৷ তদুপৰি টুকটুকীত থকা ভাৰতীয় ডাক সেৱা বিভাগৰ টুকটুকী ডাকঘৰৰ কাৰ্যালয় সংশ্লিষ্ট প’ষ্ট মাষ্টৰজনে সম্পূৰ্ণ মইমতালিৰে ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি নিজৰ ঘৰতে দীৰ্ঘদিনৰে পৰা চলাই থকাৰ বিপৰীতে মহাবিদ্যালয় পৰ্যায়ত অধ্যয়নৰত নিজৰ কন্যাক কৌশলেৰে পিয়নৰ পদত নিযুক্তি দেখুৱাই নীতি-বৰ্হিভূতভাবে ভাৰাতীয়া লোকৰ দ্বাৰাহে ডাকঘৰৰ সকলো কাম-কাজ ৰূপায়ণ কৰি অহা কাৰ্যক সভাই বিৰোধিতা কৰে৷
গৰিহনা দি সমগ্ৰ বিষয়টো আলোচনা কৰি এই বিষয়কলৈও এক প্ৰস্তাৱ সভাই গ্ৰহণ কৰে৷ ইফালে, সভাই কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ত বহু বছৰ ধৰি স্থায়ী অধ্যক্ষ নিযুক্তি নিদিয়াৰ হেতু মহাবিদ্যালয়খনৰ প্ৰশাসনিক কাম-কাজ নিয়াৰিকৈ চলাই নিয়াত নানা প্ৰকাৰৰ সমস্যাৰ উদ্ভৱ হৈ অহাৰ বিষয়েও আলোচনা কৰি সভাই অতি সোনকালে স্থায়ী অধ্যক্ষ নিযুক্তিৰ বাবে সংশ্লিষ্ট উৰ্ধ্বতন কৰ্তৃপক্ষক হেচা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত ল’বলগীয়া কাৰ্যকৰী পদক্ষেপ সন্দৰ্ভতো প্ৰস্তাৱ গ্ৰহণ কৰে৷
উল্লেখ্য, বিগত ২০১৬ চনত চৰকাৰীভাবে স্বীকৃতিপ্ৰাপ্ত আৰ এছ/এন জি/২৫৪/আৰ/১৬ পঞ্জীয়ন নম্বৰৰ বৃহত্তৰ পশ্চিম নগাঁৱৰ টুকটুকী, কটহগুৰি, ৰৌমাৰী, শিলপুখুৰী, চমকা, আমলখি, ধনীয়াভেটি আৰু ছালনাবড়ি আদি অঞ্চলৰ সমাজ সচেতন তথা সৰবৰহী নাগৰিক আৰু উচ্চ শিক্ষিত যুৱকসকলক লৈ গঠিত সচেতন নাগৰিক মঞ্চই বিগত সময়ছোৱাত স্থানীয় বিভিন্ন সমস্যাৰাজী সমাধানৰ বাবে ক্ষীপ্ৰতাৰে কাম-কাজ ৰূপায়ন কৰি আহিছে৷ ইয়াৰ অংশহিচাপে কেইবাটাও সমস্যা সমাধানৰ ক্ষেত্ৰত ল’বলগীয়া কাৰ্যপন্থাৰ সন্দৰ্ভতেই সাধাৰণ সভাত অনুষ্ঠিত কৰা হয়৷