সোণাৰিঃ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যুৰ পিছতে সমগ্ৰ উজনি অসমত সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷

তাৰ মাজতে দেওবাৰে দিনৰ ভাগত চৰাইদেউ জিলাৰ খাপেখাটি আৰক্ষী থানাৰ অন্তৰ্গত ভেচেলী পথাৰত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ খুঁটাত আলফাই সংস্থাপন কৰা বোমা উদ্ধাৰ হোৱাৰ কেইটামান ঘণ্টাৰ পিছতে পুনৰ আলফাৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে চৰাইদেউত৷

দেওবাৰে সন্ধিয়া সেনা-আৰক্ষীয়ে অভিযান চলাই কানু-ভোগবাৰীত অস্ত্ৰ-শস্ত্ৰ, কাপোৰ-কানিকে ধৰি বিভিন্ন সামগ্ৰী উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷ কানু-ভোগবাৰীৰ নিবাসী অনন্ত গগৈ নামৰ লোকজনৰ ঘৰৰ পিছফালে উদ্ধাৰ হয় সামগ্ৰী খিনি৷ বৰ্তমানেও সেনাই ঘেৰাও কৰি ৰাখিছে ঠাইখিনি৷ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷