newsnextone.comগোৰেশ্বৰঃ দৰং জিলাৰ সমলা ঝাকৈপাৰাত এটি বিহু দলক আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সা-দৰং জিলাত৷ দৰং জিলাৰ ঝাকৈপাৰা শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত দেউল উৎসৱ আৰু সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোক্তাৰ আমন্ত্ৰণ ক্ৰমে বিহু নৃত্য প্ৰদৰ্শনৰ বাবে গৈছিল বাক্সা জিলাৰ গোৰেশ্বৰৰ সোণতৰা বিহুৱা দলে৷

নিশা প্ৰায় ১১.৩০ বজাত বিহুদলৰ নাচনী-তিনিগৰাকীয়ে প্ৰস্ৰাব কৰিবলৈ যােৱাৰ সময়তে কেইজনমান যুৱকে অশ্লীল ব্যৱহাৰ কৰাৰ লগতে দেহত হাত দি আন ঠাইলৈ নিয়াৰ চেষ্টা কৰে৷ এই কাৰ্যত বাধা প্ৰদান কৰিবলৈ যোৱা বিহু দলটোৰ আন আন সদস্যক একাংশ মদ্যপান কৰা যুৱকে প্ৰথমে তৰ্কত লিপ্ত হয় আৰু মাৰপিট কৰে। প্ৰাপ্ত অভিযোগ মতে নাচনীৰ দেহত হাদ দি অশ্লীল ইংগিত দিয়ে ক্ষান্ত নাথাকি দলটোৱে বিহুৱা দলৰ সদস্যক মাৰপিট কৰে আৰু দলটোৰ বাহনখনৰো ক্ষতিসাধন কৰে দুৰ্বৃত্তৰ দলটোৱে। 

এই ঘটনাত সোণতৰা বিহুৱা দলটোৰ বিহুৱা-নাচনী বিমল চৌধুৰী (২৩), মনোৰঞ্জন শৰণীয়া (২৩), ভূপেন ৰাজবংশী (২৪), বিনিকান্ত শৰণীয়া (২৪) আৰু ৰশ্মিতা নাথ গুৰুতৰ ভাবে আহত হয় আৰু (১৮) নিশাই মঙলদৈ অসামৰিক হস্পাতাললৈ নি চিকিৎসা কৰে একাংশ লোকে। ঘটনা সন্দৰ্ভক মঙলদৈ আৰক্ষী থানাত বিহুৱা দলটোৰ দলপতি ৰাজু বৰুৱাই এখন এজাহাৰ দাখিল কৰে।

প্ৰাপ্ত তথ্য মতে মঙলবাৰে নিশা অৰ্থাৎ ৮ মে'ত সমলা ঝাকৈপাৰা শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ সমিতিৰ উদ্যোগত দেউল উৎসৱ আৰু বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰণক্ৰমে বিহু নৃত্য প্ৰদৰ্শনৰ বাবে গৈছিল গোৰেশ্বৰৰ দলংদিয়া গাঁৱৰ সোণতৰা বিহুৱা দলটো। অভিযোগ মতে নিশা প্ৰায় ১১.৩০ বজাত বিহুদলৰ নাচনী তিনিগৰাকী প্ৰস্ৰাৱ কৰিবলৈ যাওঁতে কেইজনমান যুৱকে অশ্লীল ব্যৱহাৰ কৰাই নহয় নাচনীৰ হাতত ধৰি টানি নিয়াৰ চেষ্টা কৰে৷ 

পিছত বিহু সমিতিৰ একাংশ এই ঘটনাক উত্তপ্ত কৰি বিহু দলটোক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে দুৰ্বত্তৰ দলটোক উৎসাহ যোগাইছিল বুলি  বিহুৱা দলটোৱে অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে, নিশা প্ৰায় ১১:৩০ বজাত এই ঘটনা সংঘটিত হোৱাত নাচনী কেইজনীয়ে হৈ-হাল্লা কৰাত বিহুদলৰ সদস্য আগবাঢ়ি যোৱাত যুৱকৰ দলটোৰ লগতে সমিতিৰ একাংশই তেওঁলোকক ভাবুকি দিয়ে আৰু বেয়াকৈ মাৰপিট কৰে। দুৰ্বৃত্তই আনকি বিহুৱা দলটোৰ কেইবাজনো বিহুৱাৰ দেবৰ কাপোৰ ফালি পেলাই। 

বিহু আয়োজন কৰা সমিতিৰ একাংশ সদস্যই পৰিস্থিতি শান্ত কৰাৰ সলনি ওলোটাই সোণতৰা বিহু দলটোয়ে লৈ যোৱা এ-এচ-০১-এইচচি-৭৫৩১ নম্বৰৰ ট্ৰেভেলাৰ গাড়ীখন আগচি ধৰি লাঠী আদিৰে ক্ষতিসাধনৰো কৰে। সংস্কৃতি ৰক্ষাৰ্থে বিহু গাই ফুৰা এটি বিহুৱা দলক এনেদৰে আক্ৰমণ কৰা ঘটনাক বিভিন্ন লোকে গৰিহণা দিছে। গোৰেশ্বৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাই এই ঘটনাৰ  নিন্দা কৰিছে। সন্থাৰ সভাপতি শংকৰ ৰাজবংশীয়ে এই ঘটনাৰ দোষীক কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ প্ৰশাসনক দাবী জনাইছে।