newsnextone.com | ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনগাঁও তথা চাবুৱাৰ বিন্ধাকটা অঞ্চলৰ ধৰ্মপ্ৰাণ মহিলা সমাজৰ সকলোৰে আপোন জালিদৈ পাতিৰে ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ অঞ্চলটোৰ অভিভাৱক স্বৰূপ জালিদৈ পাতিৰৰ মৃত্যুৰ পিছতে ইতিহাসক স্মৰণ কৰা এগৰাকী লোক নোহোৱা বুলি কব খোজে৷ পাতিৰে অসম আন্দোলন, চীন-ভাৰতৰ যুঁদ্ধ তথা বিভিন্ন ইতিহাস অঞ্চলটোৰ যুৱ প্ৰজন্মৰ সাধুকথাৰ দৰে বৰ্ণনা কৰিছিল৷ 

দধীয়াৰ ধৰ্মপ্ৰাণ মহিলা জালিদৈ পাতিৰ শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে৷ ধৰ্মপ্ৰাণ মহিলাগৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে। দীৰ্ঘদিনৰ পৰা শাৰীৰিকভাৱে অসুস্থ হৈ থকা মহিলাগৰাকী মৃত্যুৰ সময়ত স্বামীৰ লগতে পুত্ৰ, জী, জোঁৱাই, নাতি, নাতিনী ইহসংহাৰত এৰি থৈ যায়। 

উল্লেখ যে, ধৰ্মপ্ৰাণ মহিলা জালিদৈ পাতিৰ আছিল বিন্ধাকটা গাওঁ পঞ্চায়তৰ প্ৰাক্তন কাউঞ্চিলৰ তথা বিশিষ্ট সমাজকৰ্মী, প্ৰাক্তন ৰাজনীতিবিদ ৰামেশ্বৰ পাতিৰৰ সহধৰ্মিনী। ডিব্ৰুগড়ৰ জালিদৈ পাতিৰ বিশিষ্ট সাংবাদিক জ্যোতিষ কুমাৰ পাতিৰৰ আইতা হয়৷ জালিদৈ পাতিৰৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে।