
newsnextone.com | চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ পুৰণিগুদামত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে এক পথ দুৰ্ঘটনাত দুজন ছাত্ৰ নিহত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নগাঁও জিলাৰ জুৰীয়া বামুনগাঁৱৰ ধৰ্মেশ্বৰ বৰাৰ পুত্ৰ বিকি বৰা (১৯) আৰু জুৰীয়া চামধৰা গাঁৱৰ প্ৰয়াত পুলিন হাজৰিকাৰ পুত্ৰ মৃদুপৱন হাজৰিকা (১৯) বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, পুৰণিগুদাম ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত স্নাতক বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা বিকিয়ে সহপাঠী মৃদুপৱনৰ সৈতে দুপৰীয়া প্ৰায় ১১-৩০ বজাত ঘৰলৈ ওভতাৰ সময়তে পুৰণিগুদাম ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকৰ বাইকত এখন যাত্ৰীবাহী ট্ৰেভেলাৰে খুন্দা মাৰে৷ দুই ছাত্ৰৰ এছ-০২-টি-৪৩৪৮ নম্বৰৰ বাইক আৰু এ-এছ-০১-এফ-চি-৫৭১৬ নম্বৰৰ যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত সংঘৰ্ষ লাগে৷ এ-এছ-০২-এ-চি-৮৬৭২ নম্বৰৰ যাত্ৰীবাহী টাটা মেজিকখনৰ তলত সোমাই পৰে ছাত্ৰ দুজন৷
মৃদুপৱন নামৰ ছাত্ৰজন থিতাতে নিহত হোৱাৰ লগতে মটৰ চাইকেল আৰোহী বিকি গুৰুতৰভাৱে আহত হোৱাত দুয়োজনকে স্থানীয় লোক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও পাছত চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ ছাত্ৰ দুজনৰ মৃতদেহ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত পৰিয়ালৰ লোকক চমজাই দিয়া হয়৷ শোকাৱহ পথ দুৰ্ঘটনাত দুজনকৈ মেধাবী ছাত্ৰৰ অকাল মৃত্যুৰ খবৰে পুৰণিগুদাম আৰু জুৰীয়াত গভীৰ শোকৰ ছাঁ পৰে৷
উল্লেখ্য যে, পুৰণিগুদাম ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত কিছু বছৰৰ পূৰ্বে এখন ট্ৰাকৰ খুন্দাত এজন মেধাবী ছাত্ৰ নিহত হোৱাত স্থানীয় ৰাইজে ট্ৰাকখন জ্বলাই প্ৰতিবাদ কৰাৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গতিৰোধক দিয়াৰ দাবী উত্থাপন কৰিছিল৷ পৰৱৰ্তী সময়ত পথটোত স্থায়ী গতিৰোধৰ সলনি মহাবিদ্যালয়ৰ মূল প্ৰৱেশ পথৰ দুয়োফালে দুখন অস্থায়ী গতিৰোধক দিছিল যদিও বৰ্তমান সেই গতিৰোধক নোহোৱাত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি কয় ৰাইজে ৷ স্থানীয় ৰাইজে পুনৰ স্থায়ী গতিৰোধক দিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক দাবী জনায়৷