প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | অভয়াপুৰীঃ এখন বন্ধ সুৰাৰ দোকান৷ দোকান খনৰ সন্মুখত উপস্থিত হ’ল আবকাৰী বিভাগ৷ হাতত তলা ভঙা হাতুৰী, লগত ইলেক্টনিক কাটাৰ৷ দেখিলেই গম পায় যে আবকাৰী বিভাগে দোকানখন ভাঙিবলৈ আহিছে৷

পিছে আপুনি ভবাৰ দৰে আবকাৰী বিভোগৰ দলটোৱে অবৈধ সুৰাৰ দোকান উচ্চেদ কৰিবলৈ অহা নাই৷ আহিছে সুৰা বিপনীখনৰ প্ৰকৃত মালিকৰ হাতত বিপনীখন চমজাই দিবলৈ৷ ৰাজহ সংগ্ৰহৰ স্বাৰ্ছত আবকাৰী বিভাগে দোকানকন পুনৰ খুলিহে দিছে৷

বুধবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত এখন বিলাতী সুৰাৰ বিপনী মহকুমা আবকাৰী বিভাগে কাৰ্যবাহী দণ্ডাধীশ পাৰ্থপ্ৰতিম নেওগৰ উপস্থিতিত তলা ভাঙি পুনৰ মুকলি কৰি দিয়ে। 

উল্লেখ্য যে, সুমান্ত নাৰায়ন দেৱৰ নামত অনুজ্ঞাপত্ৰ থকা বিলাতী সুৰাৰ বিপনীখনত বিগত কেইবাবছৰ ধৰি অন্য ব্যক্তিয়ে ব্যৱসায় চলাই আহিছিল। কিন্তু এপ্ৰিল মাহৰ পৰা সুৰাৰ বিপনীখন বন্ধ হৈ থকাত বিপনীখনৰ অনুজ্ঞাপত্ৰ লাভ কৰা সুমান্ত নাৰায়ন দেৱে বিপনীখন মুকলি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত লিখিত আবেদন জনায়। 

আবেদনৰ ভিত্তিত মহকুমা আবকাৰী পৰিদৰ্শকে মহকুমা আৰক্ষী প্ৰশাসনৰ উপস্থিতিত হাতুৰি, ইলেক্ট্ৰিক কাটাৰেৰে তলা ভাঙি বিপনীখনত থকা সুৰাৰ বটল আৰু অন্যান্য সামগ্ৰী সহ সুমান্ত নাৰায়ন দেৱক চমজাই দিয়ে। 

আনপিনে, অভয়াপুৰী চহৰৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা ভাৰতী কৰ্মকাৰৰ নামত থকা ৩০৬ নং পট্টা আৰু ১৮১ নং দাগৰ মাটি ডোখৰতেই নিৰ্মাণ কৰা হৈছিল সুৰাৰ বিপনীখন৷ ইফালে, নিৰ্দেশনা খনত তলা ভঙাৰ নিৰ্দেশ নথকা স্বত্বেও একমাত্ৰ ৰাজহ সংগ্ৰহৰ স্বাৰ্থতে এনেকৈ সুৰাৰ বিপনীখন মুকলি কৰিবলগীয়া হৈছে বুলি আবকাৰী পৰিদৰ্শক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।