newsnextone.com | আমগুৰিঃ সমগ্ৰ ৰাজ্যই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সমানে সমানে শিৱসাগৰ জিলাতো দল-সংগঠনে অব্যাবক ৰাখিছে উত্তাল প্ৰতিবাদ৷ যোৱা কেইবাটাও দিন ধৰি শিৱসাগৰ জিলাৰ উত্তাল হৈ থকাৰ সময়তে শনিবাৰে জিলা খনৰ অধিনৰ আমগুৰিত কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে উত্তল প্ৰতিবাদ সাব্যস্ত কৰে৷

বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, টাই আহোম ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, আহোম সেনাকে ধৰি কুৰিটাৰো অধিক সংগঠনৰ আহ্বানত একত্ৰিত হোৱা কেইবাশতাধিক লোকে বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত আমগুৰি চহৰ উত্তাল কৰি তোলে৷ চহৰৰ মাজেৰে বৃহৎ প্ৰতিবাদী সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে৷

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰণয়ন কৰি অসমত ১ কোটি ৭০ লাখ বাংলাদেশীক সংস্থাপনৰ যো-জা চলোৱা বুলি সংগঠনসমূহে অভিযোগ উত্থাপন কৰি  হাতে হাতে প্লে’ কাৰ্ড লৈ বিদেশী মুক্ত অসম গঢ়াৰ সংকল্প লয় প্ৰতিবাদকাৰীসকলে। 

কেইবাটাও সংগঠনৰ কৰ্মী আৰু স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত নাগৰিকত্ব সংশোধনী বাতিল কৰক, বিজেপি চৰকাৰ গ'বেক, আছে হেং দাং লোৱা নাই, ল'লে হে দাং ৰক্ষা নাই অদি শ্ল’গানেৰে আমগুৰি মুখৰিত কৰি তোলাৰ লগতে আইনখন বাতিল নকৰিলে ৰাজ্যত ৰক্তাক্ত পৰিবেশৰ সূচনা হ'ব বুলি হুংকাৰ দিয়ে সংগঠনসমূহে।