newsnextone.com | বোকাজানঃ নাগৰিকত্ব সংশোধনী বিধেয়কে জ্বলাইছে ৰাজ্য। প্ৰতিবাদত উত্তাল হৈছে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ আন আন দল-সংগঠনৰ লগতে প্ৰধান বিৰোধী দল কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ প্ৰধান বিৰোধী দল কংগ্ৰেছে প্ৰথমাৱস্থাত বিধেয়কৰ সপক্ষে-বিপক্ষে থাকি দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল যদিও অৱশেষত জনগণৰ মতৰ সৈতে সহৱস্থান কৰিবলৈ বাধ্য হৈ প্ৰতিবাদত নামে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শনিবাৰে বোকাজানৰ ৰাজপথ উত্তাল কৰিলে কংগ্ৰেছে।

বোকাজান ব্লক কংগ্ৰেছৰ উদ্যোগত বিধেয়ক খন বাতিলৰ দাবীত কংগ্ৰেছে উলিয়াই এক বৃহৎ প্ৰতিবাদী সমদল৷ স্থানীয় প্ৰাক্তন বিধায়ক ক্লেংডুন ইংতিৰ নেতৃত্বত প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীৰ অংশগ্ৰহণৰে বোকাজান ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা উলিওৱা প্ৰতিবাদী সমদলে বোকাজান মহকুমাধিপতি কাৰ্যালয়লৈ গৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবী জনায়৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি হুচিয়াৰ, বিজেপি গ'বেক, নৰেন্দ্ৰ মোডী হায় হায় আদি শ্ল’গানেৰে উত্তাল কৰি তোলে আকাশ-বতাহ। 

প্ৰতিবাদী সমদলটোৱে শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি বোকাজান মহকুমাধিপতিৰ কাৰ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰে৷ মহকুমাধিপতিৰ জৰিয়তে যুটীয়া সংসদীয় সমিতি লৈ বিধেয়কখন বাতিলৰ দাবী জনাই এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদী সমদলত বোকাজানৰ প্ৰাক্তন বিধায়ক তথা জিলা কংগ্ৰেছ সমিতিৰ উপ-সভাপতি ক্লেংডুন ইংতি, সাধাৰণ সম্পাদক সুৰেন্দ্ৰ ছিংনাৰ, সম্পাদক ছেলিম আহমেদ, বোকাজান ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি চন্দ্ৰ কাথাৰে অংশগ্ৰহণ কৰাৰ উপৰি মহিলা কংগ্ৰেছ, সেৱা দল, যুৱ কংগ্ৰেছ, এনএচইউআই আদি ভাতৃ-ভগ্নী সংগঠনে অংশগ্ৰহণ কৰে৷