newsnextone.com | লিডুঃ দেশৰ ৰাজধানী দিল্লীত অসমৰ এগৰাকী লোক নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তিনিচুকীয়া জিলাৰ লিডুত৷ জানিব পৰা মতে, লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু চাহ বাগিচাৰ নিবাসী তথা শ্ৰমিক অইবন নাগ যোৱা ১১ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছে৷

আত্মীয়ক লগ কৰিবলৈ হাৰিয়ানালৈ গৈছিল নাগ৷ যোৱা ১১ মে’ত তিনিচুকীয়াৰ পৰা ৰেলেৰে হাৰিয়ানালৈ যাত্ৰ কৰিছিল৷ কিন্তু অইবন নাগে হাৰিয়ানা পোৱাৰ পূৰ্বে দিল্লী ৰেল ষ্টেচনৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈ পৰে৷ 

পৰিয়ালৰ লোকে মিঠা বৰনীয়া তথা হিন্দী ভাষা কব জনা লোকজন কেনোবা দুষ্ট চক্ৰৰ কৱলত পৰা সন্দেহ কৰে৷ কোনো লোকে নাগৰ সম্ভেদ পালে ৯৯৫৪৭৩৪৯৯০ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাই পৰিয়ালে৷