
ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ লাহোৱালত ৰেলৰ খুন্দাত এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি লাহোৱালত উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয়৷
লাহোৱালৰ সমীপৰ হনুমান টী ফেক্টৰীৰ সমীপত সোমবাৰে পুৱাই তীব্ৰ বেগী ৰেলৰ খুন্দাত স্থানীয় সঞ্জয় দত্ত নামৰ ২২ বছৰীয়া যুৱকজন নিহত হয়৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতেই স্থানীয় লোকে ৰেল বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাবস্ত্য কৰি ৰেলপথ অৱৰোধ কৰে৷
উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চলটোত ৰেল বিভাগে পথযাত্ৰী সকলৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে৷
স্থানীয় প্ৰায় শতাধিক লোকে সঞ্জয় দত্ত নামৰ যুৱকজনক ৰেলে মহতিয়াই নিয়াৰ পিছতেই ‘ৰেল মন্ত্ৰী মুৰ্দাবাদ’, ‘ৰেল বিভাগ অকৰ্মণ্য’ আদি শ্ল’গান দি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে একাংশ উত্তেজিত ৰাইজে ৰেলপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷
পিছত প্ৰতিবাদস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷