newsnextone.com | বিহালীঃ দেশৰ ষষ্ঠগৰাকী প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সোমবাৰে ২৭ সংখ্যাক মৃত্যু তিথি ৰাজ্যজুৰি কংগ্ৰেছে পালন কৰে৷ ১৯৯১ চনত ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধিৰে সন্মান জনোৱা ৰাজীৱ গান্ধীক বিহালী সমষ্টিৰ বাঘমৰা ব্লক কংগ্ৰেছ সমিতিয়ে স্মৰণ কৰে৷ বাঘমৰা ব্লক কংগ্ৰেছে ২৭তম মৃত্যু তিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। নেতা-কৰ্মীয়ে ৰাজীৱ গান্ধীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰাৰ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা যাচে৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁত ধৰে বাঘমৰা ব্লক কংগ্ৰেছৰ সভাপতি ভৰত কটুৱালে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক প্ৰেমলাল গঞ্জুৱে। গঞ্জুৱে দলৰ কৰ্মীসকলক বিজেপিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ’বলৈ কয়৷