internet
Image Source: internet

newsnextone.com | গুৱাহাটীঃ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল অহা ৩১ মে’ত ঘোষণা কৰা হ’ব। এক বিবৃতিযোগে এই কথা সদৰী কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

বুধবাৰে অসম মাধ্যমিক শিক্ষা সাংসদে এক বিবৃতি যোগে কয় অহা ৩১ মে’ত দিনৰ ১১ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ ফলাফল সমূহ লাভ কৰিব পাৰিব৷ আনহাতে পৰীক্ষাৰ ফলাফল সমূহ ১১ টা ৱেবচাইটত উপলব্ধ হ’ব বুলিও জনায় শিক্ষা সংসদে৷

উল্লেখ্য যে ২০১৮ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সমগ্ৰ ৰাজ্যজুৰি কলা শাখা, বিজ্ঞান শাখা আৰু বাণিজ্য শাখাৰ ২,৫৫,৬৯৭ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল। কলা শাখাত ১,৯৮,৬৩২গৰাকী, বিজ্ঞান শাখাত ৩৮,০৫০গৰাকী, বাণিজ্য শাখা আৰু ১৭,৯৭৫গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱৰ্তীৰ্ণ হয়৷ 

উল্লেখ্য যে অহা ২৫ মে’ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰো ফলাফল ঘোষণা কৰা হ’ব বুলি ছেবাৰ সচিব প্ৰবীন শৰ্মাই ঘোষণা কৰিছিল৷

আনহাতে, ১,০৪০গৰাকী পৰীক্ষাৰ্থীয়ে বৃত্তিগত শাখাত অৱতীৰ্ণ হৈছিল। ৮২৭টা মহাবিদ্যালয়-উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হয়। আনহাতে এইবেলি পৰীক্ষাত স্পৰ্শকাতৰ কেন্দ্ৰ সমূহত চিচিটিভি ব্যৱহাৰ কৰাৰ লগতে পৰীক্ষা হলত মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰি কঢ়া দৃষ্টিৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল৷