
newsnextone.com | লখিমপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ৰাজ্য খনৰ সকলো প্ৰান্তৰ লোকে প্ৰতিবাদ দল-সংগঠনৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত সকৰি আহিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো জনসাধাৰণে বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি গৈছে৷
বৃহস্পতিবাৰে পুনৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত জিলা খনৰ সকলো প্ৰকাৰৰ লোক ৰাজপথলৈ ওলাই আহে৷ দৰিদ্ৰ শ্ৰমিক, কৃষক, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী, সমাজ সচেতন লোক, সাহিত্যিক আদিকে ধৰি সমাজৰ প্ৰতিটো স্তৰৰ লোক লখিমপুৰৰ ৰাজপথলৈ ওলাই আহে৷
আহ ঐ আহ ওলাই আহ, অসমীয়া আজি জাগিছে, মুখ্যমন্ত্ৰী হুচিয়াৰ, অসম চৰকাৰ বায় হায়, মোডী চৰকাৰ হায় হায় আদি শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে৷ বৃহস্পতিবাৰে পুৱাৰে পৰা জিলা খনৰ বিভিন্ন প্ৰান্তৰ লোক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত ওলাই আহি কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰে৷
কৃষক মুক্তি সংগ্ৰাম সমিতি, আছু, লখিমপুৰ চেম্বাৰ অৱ কমাৰ্চ, লখিমপুৰ মাৰোৱাৰি সন্মিলন, টাই আহোম যুৱ পৰিষদ আদিকে ধৰি প্ৰায় কুৰিটা সংগঠনে বিজেপি চৰকাৰক অসমীয়াৰ আৱেগৰ সৈতে খেলা নকৰিবলৈ সকীয়াই দিয়ে৷