
newsnextone.com | হাইলাকান্দি/আমগুৰিঃ শিৱসাগৰ জিলাৰ এগৰাকী সাধাৰণ পান দোকানীৰ পুত্ৰই শুকুৰবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ দৰিদ্ৰ পৰিয়ালটোৰ পুত্ৰই বাৰে বাৰে পঢ়াৰ ক্ষেত্ৰত আৰ্থিক অসুবিধাত পৰিছিল যদিও কেতিয়াও পিছুৱাই অহা নাছিল৷
পিতৃয়ে উপাৰ্জন কৰা টকা কেইটাৰে ঘৰ চলোৱাৰ লগতে পুত্ৰৰ পঢ়াৰ খৰছ উলিয়াই আশা পুহি ৰাখিছিল পুত্ৰই মেট্ৰিকত ভাল ফলাফল কৰিব বুলি৷ পিতৃয়ে আশা কৰা মতেই শুকুৰবাৰে ঘোষণা কৰা ফলাফল অনুসৰি ফলাফল লাভ কৰে পুত্ৰই৷ যাৰ ফলত কেৱল পিতৃয়ে নহয় এতিয়া পুত্ৰৰ গৌৰৱেৰে গৌৰবান্বিত হৈ পৰিছে সমগ্ৰ শিৱসাগৰ জিলা৷ শুকুৰবাৰে ঘোষিত মেট্ৰিকৰ ফলাফলত ৰাজ্যৰ ভিতৰতে অষ্টম স্থান দখল কৰিবলৈ সলক্ষম হোৱা গুঞ্জাণন বৰুৱাৰ কথাকে কৈছো৷
শিৱসাগৰ জিলাৰ দপানী হাইস্কুলৰ পৰা পৰীক্ষাত বহা গুঞ্জাণন বৰুৱাই আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক সহ ৫৮৬ নম্বৰ লাভ কৰি অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে শিৱসাগৰ জিলাৰ আন এগৰাকী ছাত্ৰ শিৱানুজ বৰকটকীয়ে সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হয়৷ আমগুৰি নগৰৰ লগতে জন্ম গাঁও জৰাবাৰীত আনন্দৰ বন্যা বৈছে।
জৰাবাৰীৰ সঞ্জীৱ বৰকটকী আৰু কমলাক্ষী বৰকটকীৰ পুত্ৰ শিৱানুজ আমগুৰি অৰুণোদয় একাডেমীৰ ছাত্ৰ আৰু আমগুৰি আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হৈছিল। শিৱানুজে মুঠ ৫৮৭ নম্বৰসহ সপ্তম স্থান দখল কৰিছে। শিৱানুজ বৰকটকীয়ে কয় যে আশা কৰিছিলো ৰেংক পাম৷ সেই মতেই পালো৷ এতিয়া মই আনন্দিত৷
আনহাতে উজনি-নামনিৰ লগতে বৰাক উপত্যকাতো পৰীক্ষাৰ ফলাফলে প্ৰভাৱ পেলাই৷ বৰাকৰ তিনি জিলাত ফলাফল ভাল নহয় যদিও কৰিমগঞ্জ জিলাৰ স্বপ্ননীল ভট্টাচাৰ্যীয়ে দশম স্থান দখল কৰে৷ কৰিমগঞ্জৰ বেবীলেণ্ড ইংলিছ হাইস্কুলৰ ছাত্ৰ স্বপ্ননীল আটাইকেইটা বিষয়ত লেটাৰ সহ ৫৮৪ নম্বৰ লাভ কৰি দশম স্থান লাভ কৰে৷