newsnextone.com | চামগুৰিঃ ৰাজ্যৰ বিভিন্ন জিলাত স্থানপ্ৰাপ্তক লৈ আনন্দ উছাহ অব্যাহত আছে৷ সমানে স্থান নাপালেও আন বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ বহু বিদ্যালয় উজলি উঠিছে৷ সামগ্ৰীক ভাবে নগাঁও জিলাৰ পুৰণিগুদাম আৰু বঢ়মপুৰ অঞ্চলৰ বিদ্যালয়সমূহে পূৰ্বৰ দৰেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়।

বহু দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে যদিও নামভৰ্তিৰ মাচুল আদি যোগাৰ কৰিবৰ লবাবে চিন্তাক পৰিছে৷ বহু দিন হাজিৰা কৰা পিতৃয়ে দিন হাজিৰা কৰি উপাৰ্জন কৰা টকাৰে পঢ়াৰ খৰচ বহন কৰি নিজ সন্তানক পঢ়ুৱাৰ ফলত পৰিশ্ৰমে ফলধৰিছে বুলি কব পাৰি৷

বিগত বৰ্ষবোৰৰ দৰেই এইবেলিও পুৰণিগুদাম বিদ্যানিকেতন, বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়, বঢ়মপুৰ জাতীয় বিদ্যালয়, বঢ়মপুৰ শংকৰদেৱ শিশু বিদ্যানিকেতনকে আদি কৰি কেইবাখনো বিদ্যালয়ে ১০০ শতাংশ উত্তীৰ্ণৰে জয়যাত্ৰা অব্যাহত ৰাখে৷ 

পুৰণিগুদামৰ বিদ্যানিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ৫৮গৰাকী পৰীক্ষাৰ্থীৰ আটাইকেইগৰাকী সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ পুৰণিগুদাম অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ইয়াৰে ৯ জন পৰীক্ষাৰ্থীয়ে ডিষ্টিংচন, ২৫ জনে ষ্টাৰ নম্বৰসহ ৫০ জন পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগ, ৭ জনে দ্বিতীয় বিভাগ আৰু এজনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷

বঢ়মপুৰ শংকৰদেৱ শিশু বিদ্যানিকেতনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ ২০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত তিনিজনে ডিষ্টিংচন, ৯ জনে ষ্টাৰ নম্বৰসহ ১৯ জনে প্ৰথম বিভাগ আৰু এজনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়৷ বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ দুগৰাকী পৰীক্ষাৰ্থীৰ দুয়োগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷

আনহাতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুৰণিগুদামৰ কেইবাখনো চৰকাৰী মাধ্যমৰ বিদ্যালয়ে আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে৷ পুৰণিগুদামৰ সমীপৱৰ্তী হালোৱাগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ২৮জন পৰীক্ষাৰ্থীৰ ভিতৰত ২৬ জনেই উত্তীৰ্ণ হৈছে৷ ইয়াৰ ভিতৰত দুজনে ডিষ্টিংচন, এজনে ষ্টাৰ নম্বৰসহ ১২ জনে প্ৰথম বিভাগ, ৫ জনে দ্বিতীয় বিভাগ আৰু ৯ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে৷