newsnextone.com | তেজপুৰঃ বৃহস্পতিবাৰে ঘোষিত হয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ 

বিজ্ঞান শাখাত তৃতীয় স্থান দখল কৰি শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় মৃনাল কুমাৰ পৌড়েলে৷

শোণিতপুৰ জিলাৰ দৰং কলেজৰ মেধা ছাত্ৰগৰাকীয়ে নিষ্ঠা আৰু সততাৰে পঢ়ি এই স্থান দখল কৰিবলৈ সক্ষম হয়৷ নিতৌ ৭-৮ ঘণ্টা পঢ়ি এই সফলতা অৰ্জন কৰা বুলি কয় পৌড়েলে৷

মৃণালৰ পিতৃ দৰং মহাবিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপক ভেশৰাজ পৌড়েল ২০১৪ চনৰ ১২ মে' মাহৰ পৰা নিৰুদ্দেশ হৈ আছে।