newsnextone.com | মঙলদৈঃ সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত দৰং জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে প্ৰখম দহটাৰ ভিত্ৰত স্থান দখল কৰিব নোলৱাৰিলেও উচ্চতৰ মাধ্যমিক পৰীক্ষাত দৰং জিলাৰ মান ৰাখিলে এগৰাকী মেধা ছাত্ৰীয়ে৷

মেধা ছাত্ৰী পল্লবী দাসে ৪৫৬ নম্বৰ লাভ কৰি বাণিজ্য শাখাত দশম স্থান দখল কৰে৷ দৰং জিলালৈ জিলাৰ সুনাম কঢ়িয়াই আনে৷ মঙলদৈ ব্ৰিল্লিয়েন্ট একাডেমীৰ ছাত্ৰী পল্লবী দাসে। নিতৌ ৭-৮ ঘণ্টা পঢ়ি পৰীক্ষাত বহিছিল ছাত্ৰীগৰাকীয়ে৷ এই সফলতাৰ আৰত শিক্ষক আৰু অভিভাৱক থকা বুলি কয় পল্লবীয়ে৷