newsnextone.com | ওদালগুৰিঃ ওদালগুৰি সদৰৰ বৰ্নগাঁওস্থিত জিলা কাৰাগাৰত শুকুৰবাৰে এটি মৃতদেহ উদ্ধাৰ হোৱাৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ গামোচাৰে ডিঙিত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো৷ কাৰাগাৰৰ কোঠাৰ খিৰিকীত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা লোকগৰাকী বাবুল বিশ্বাস(৩৯) বুলি জানিব পৰা গৈছে৷ ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত কঠালবাৰী গাঁৱৰ প্ৰয়াত কালিচৰণ বিশ্বাসৰ পুত্ৰ বাবুল বিশ্বাসে ২০১০ চনত এটি হত্যাকাণ্ডৰ অভিযুক্ত আছিল। ২০১০ চনতে ওদালগুৰি আৰক্ষী থানাত বাবুলৰ বিশ্বাসৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত ৮০/১০ নম্বৰৰ এক গোচৰ ৰুজু হৈছিল। 

গোচৰৰ ভিত্তিত ২০১১ চনৰ ৫ জুলাইত আদালতে বাবুলক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছিল আদালতে। ফলত সেই সময়ৰ মঙলদৈ জেললৈ বাবুলক প্ৰেৰণ কৰা হয়। পৰৱৰ্তী সময়ত ওদালগুৰি জিলা কাৰাগাৰ স্থাপন হোৱাৰ অন্তত কয়দী বাবুলক ২০১৪ চনৰ ২০ ডিচেম্বৰত ওদালগুৰি জিলা কাৰাগাৰলৈ হস্তান্তৰ কৰা হয়। তেতিয়াৰ পৰাই ওদালগুৰি জিলা কাৰাগাৰতেই বন্দীৰ জীৱন কটাই আছিল তেওঁ। 

শুকুৰবাৰে পুৱাই তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ কাৰাগাৰ চৌহদত চাঞ্চল্যৰ সৃষ্টি কৰে। পুৱা কাৰাগাৰৰ আন এগৰাকী কয়দীয়ে বাবুলক ওলমি থকা প্ৰত্যক্ষ কৰি কাৰাগাৰ কৰ্তৃপক্ষক অৱগত কৰে। ইয়াৰ পাছত ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো নমাই আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। দণ্ডাধীশগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা ভাষ্য অনুসৰি কাৰাগাৰৰ ভিতৰৰ খিৰিকী এখনত বাবুল বিশ্বাস নামৰ কয়দীগৰাকীয়ে দিঙিত গামোচাৰে ছীপ লৈ থকা অৱস্থাত ওলমি আছিল। 

মৃতদেহটোৰ এখন ভৰি মাটিত লাগি থকাৰ বিপৰীতে আন এখন ভৰি এটি ড্ৰামৰ ওপৰত লাগি থকা বুলি জানিবলৈ দিয়ে। মৃতদেহদটোলৈ লক্ষ্য কৰি এক ৰহস্যজনক ঘটনা বুলিও অভিহিত কৰে দণ্ডাধীশগৰাকীয়ে। ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু মৰণোত্তৰ প্ৰতিবেদনৰ পাছতহে সকলো স্পষ্ট হৈ পৰিব বুলিও কয় দণ্ডাধীশে। ইফালে তদন্তৰ দ্বায়িত্বত থকা আৰক্ষীয়ে জানিবলৈ দিয়া মতে বাবুল বিশ্বাস নামৰ কয়দীগৰাকী মানসিক ৰোগত আক্ৰান্ত হৈ থকা বাবে প্ৰতিমাহে তেওঁক তেজপুৰত চিকিৎসা কৰি থকা হৈছিল। 

আনহাতে কাৰাগাৰ কৰ্তৃপক্ষই জনোৱা মতে বৃহস্পতিবাৰে সন্ধিয়া পৰ্যন্ত আন কয়দীৰ সৈতে হাঁহিমুখে আছিল আৰু সন্ধিয়াৰ নাম-প্ৰসংগত ভাগ লৈছিল। কিন্তু কি কাৰণত পুৱা কয়দীগৰাকীৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হ'ল তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে। এয়া হত্যা নে আত্মহত্যা সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও আৰক্ষীৰ উপযুক্ত তদন্তইহে সকলো স্পষ্ট তকিব পাৰিব। মৃতদেহটোৰ ওদালগুৰি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। বাতৰি লিখা পৰলৈকে ঘটনাস্থলীলৈ পৰিয়ালৰ লোক ৰাওনা হোৱাৰ কথা জানিব পৰা গৈছে। পৰিয়ালৰ লোকৰ হাতত মৃতদেহ চমজাই দিব ওদালগুৰি আৰক্ষীয়ে।