newsnextone.com | তিনিচুকীয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত আজিও অব্যাহত আছে প্ৰতিবাদ৷ শংকিত উজনি-নামনিৰ অসমীয়াই জাতি ৰক্ষাৰ স্বাৰ্থত প্ৰতিদিনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ এতিয়া প্ৰতিদিনে ৰাইজ ৰাপপথলৈ ওলাই আহি অসম ধ্বংকাৰী বিধেয়ক বাতিল কৰাৰ দাবী জনাই আহিছে৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ সোণজানত বৃহৎ জোঁৰ সমদল উলিয়াই শুকুৰবাৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷ সোণজানৰ পৰা ডিৰাক গেটলৈ বিশাল জোঁৰ সমদল উলিয়াই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিৰাক আঞ্চলিক সমিতিয়ে৷ 

সীমান্তৰ ডিৰাক অঞ্চলৰ বিভিন্ন দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান-প্ৰতিষ্ঠানে যৌথ উদ্যোগত আৰু সীমান্তবাসী ৰাইজৰ সহযোগত মাধৱপুৰ ৰাজহুৱা খেলপথাৰৰ পৰা ডিৰাক গেটলৈ দুই কিঃ মিঃ পথ পদব্ৰজে যাত্ৰা কৰি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে ৰাইজ৷ কোনো কাৰণত এই বিধেয়ক গৃহীত কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰে ৰাইজে৷