
newsnextone.com | কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষীয়ে শনিবাৰে পুৱাই কাকপথাৰৰ ৰুমাইগাভৰু আৰু কাকপথাৰ টাউনত অভযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ বৰডুমচা মহঙৰ জিতেশ্বৰ শইকীয়া আৰু ডুমডুমা হাঁহচৰাৰ অৰবিন্দ সিঙক জালত পেলাই আৰক্ষীয়ে৷ দুয়োজনৰ পৰা আৰক্ষীয়ে প্ৰায় ৬৫ গ্ৰাম ড্ৰাগছ, এখন ছেন্ট্ৰ গাড়ী, এখন মটৰ চাইকেল জব্দ কৰে৷
AS-23-J-3575 নম্বৰৰ ছেন্ট্ৰ আৰু AS-23-K-2911 নম্বৰৰ মটৰ চাইকেলখন জব্দ কৰে৷ পুৱা কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোতিষ্মান নেওঁগৰ নেতৃত্বত ৰুমাইগাভৰুৰ পৰা অৰবিন্দ সিঙক আটক কৰাৰ পিছতে সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত অৰুণাচলৰ পৰা আহি থকা অৱস্থাত বৰডুমচা মহঙৰ জিতেশ্বৰ শইকীয়া নামৰ যুৱকজনক গাড়ীসহ কাকপথাৰ চহৰত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
অৰবিন্দ সিঙৰ পৰা ১৫ গ্ৰাম আৰু জিতেশ্বৰ শইকীয়াৰ পৰা ৫০ গ্ৰাম ড্ৰাগছ উদ্বাৰ কৰা হৈছে৷ উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত ড্ৰাগছ, কানি, ভাং আদি মাদক দ্ৰব্যৰ অবাধ প্ৰচলন হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহত জড়িত বহুকেইজন লোকক গ্ৰেপ্তাৰ কৰিছে যদিও আজিও মাদক দ্ৰব্যৰ ব্যৱসায় চলি আছে৷