
newsnextone.com | বিলাসীপাৰাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে ধুবুৰী জিলাতো কোচ ৰাজবংশী ছাত্ৰ সন্থাই পৃথক কমতাপুৰ ৰাজ্য পুনৰগঠন আৰু জনজাতিকৰণৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ধুবুৰী পুৱ জিলা কোচ ৰাজবংশী ছাত্র সন্থা, চিলাৰায় সেনা আৰু কোচ ৰাজবংশী মহিলা সমিতিয়ে৷
আক্রাছু নেতা প্ৰদীপ ৰায়ে বিজেপিক মিছলীয়া দল আখ্যা দিয়ে। আক্রাছুৰ ধুবুৰী পুৱ জিলা কোচ ৰাজবংশী ছাত্র সন্থাৰ সভাপতি অনন্ত বৰ্মন আৰু সম্পাদক কৰ্ন ৰায়ৰ লগতে আক্রাছু কৰ্মীসকলে মহকুমা নিৰ্বাচনী বিষয়াৰ হাতত পৃথক কমতাপুৰৰাজ্য পুনৰগঠন আৰু জনজাতিকৰণৰ দাবীত স্মাৰক পত্র প্ৰদান কৰে।
কাৰ্যসুচীত আক্রাছুৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ ৰায়, আক্রাছুৰ উপ-সভাপতি নুকুল বৰুৱা, সহ-সম্পাদক সঞ্জয় ৰায়, জিলাৰ উপদেষ্টা চন্দন কুমাৰ ৰায়, গিৰি ৰায় আৰু বিদ্যুত সিংহ উপস্থিত থাকে।