
newsnextone.com | মোৰাঝাৰঃ সোমবাৰে হোজাই জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এটি বিশেষ অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ বিভিন্ন বিভাগৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীকে ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়৷ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে দায়বদ্ধতাৰে, সততা, নিষ্ঠা আৰু সতৰ্কতাৰে কাম কৰিব লাগিব বুলা অসম চৰকাৰৰ প্ৰতিটো কাৰ্যালয়ত সাধাৰণ জনতাৰ কোনো অসুবিধা নোহোৱাকৈ শক্তিশালী গণতান্ত্ৰিক পৰিবেশ জীয়াই ৰখাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
অসমৰ মানচিত্ৰত বসবাস কৰা প্ৰতিটো পৰিয়ালক কামৰ মাজেৰে আমি ন্যায় দিব লাগিব৷ জনসাধাৰণৰ সমস্যা সমাধান কৰাত গুৰুত্ব দিয়াৰ লগতে শান্তি সম্প্ৰীতি ভাতৃত্ববোধ আৰু বন্ধুত্ব জীয়াই ৰখা বাবেও বিষয়া-কৰ্মচাৰীসকলৰ লগতে সকলো পক্ষই নজৰ ৰাখিব লাগিব বুলি কয় মুখ্যমন্ত্ৰী সোণোৱালে৷
ইমানে নহয় সমন্বয়তহে শক্তি আছে বুলি কৈ সংঘাতত সমাজ-পৰিয়াল সকলো দুৰ্বল হয় বুলি কৈ সমন্বয়ৰ বাৰ্তা জীয়াই ৰাখি কাৰ্যালয়লৈ দৰিদ্ৰ লোক এজন আহিলেও সন্মান সহকাৰে শ্ৰদ্ধা জনাই লোকজনৰ কাম নিৰ্দিষ্ট সময়ত বিষয়া-কৰ্মচাৰীয়ে কৰি দিব লাগিব বুলি কয়। আমাৰ অসমক আৰ্থ-সামাজিক সকলো ক্ষেত্ৰতে উন্নতিৰ দিশে নিবলৈ হ'লে অসমৰ প্ৰতিজন লোকৰ মাজত সমন্বয় সৃষ্টি কৰিবই লাগিব।
আনহাতে উঠি অহা প্ৰজন্মক ভাল নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহায় কৰিব বিচাৰো বুলি মত ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযান বৰ্তমানেও চলি আছে আৰু চলাই যাম বুলি মন্তব্য প্ৰকাশ কৰে। এখন দুৰ্নীতিমুক্ত সমাজ প্ৰতিষ্ঠা কৰাটোৱেই হৈছে আমাৰ বিজেপি মিত্ৰজোটৰ চৰকাৰখনৰ প্ৰধান লক্ষ্য। কঠোৰ পৰিশ্ৰম অবিহনে পৰিৱৰ্তন অসম্ভৱ বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্ম-সংস্কৃতিৰ যোগেদি বাতাবৰণ শক্তিশালী ৰূপত গঢ় দিবলৈ বিষয়া-কৰ্মচাৰীসকলক আহ্বান জনায়।
সভাৰ শেষত মুখ্যমন্ত্ৰীয়ে হোজাই জিলাৰ মেধাবী শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰা অমৰ সিং থাপা, বাণিজ্য শাখাত দশম স্থান প্ৰাপক অক্ষত চাওঁচাৰীয়া, হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান প্ৰাপ্ত নাহিমা ফিৰদৌছ বৰভূঞা, ভৰিৰে লিখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা জেৱিন কৌচাৰ, আততায়ীৰ গুলীত পিতৃ মৃত্যু হোৱাৰ পিচটো সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হোৱা দৰিদ্ৰ ছাত্ৰী শ্বেহনাজ চুলতানক নিজ হাতে সম্বৰ্ধনা যাচে। হোজাইৰ ষ্টেডিয়াম খেলপথাৰত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ অৱতৰণ কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় প্ৰথমে গীতাশ্ৰমলৈ যায়। গীতাশ্ৰমত প্ৰায় ১ ঘণ্টা সময় মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নেতৃত্বৰ সৈতে বৈঠত অনুষ্ঠিত কৰে৷