newsnextone.com | চাবুৱা/বাইহাটাচাৰিআলি/নগাঁও/খেৰণি/মোৰাঝাৰ/লিডু/হাটশিঙিমাৰী/গোৰেশ্বৰ/ৰঙিয়া/বোকাজান/জাজৰি/তেজপুৰ/বঢ়মপুৰ/বিহালীঃ  বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত গোলকীয় উষ্ণতা ৰোধ আৰু বিশ্বৰ দেশ সমূহ যুঁজ দি অহা পৰিবেশ সমস্যাক বুজিবলৈ যত্ন কৰে সমগ্ৰ বিশ্বই৷ World Environment Day (WED) নামেৰে পালন কৰি অহা বিশ্ব পৰিবেশ দিৱস প্ৰতি বছৰে ৫ জুনত পালন কৰা হয়৷

৫ জুনত বিশ্বব্যাপী গণ সচেতনতা সৃষ্টিৰ বাবে আৰু সুস্থ পৰিৱেশ গঢ়ি তুলিবৰ বাবে চিন্তা চৰ্চা কৰা হয়৷ পৰিবেশ সংৰক্ষণ কৰিবৰ বাবে গণ সচেতন সৃষ্টিক লক্ষ্য কৰি লোৱা হয় দিৱসৰ দিনটোত। এই দিনটোৰ পৰাই ১১ দিনীয়াকৈ সমগ্ৰ বিশ্বত দেখা দিয়া গোলকীয় উষ্ণতাৰ প্ৰভাৱৰ ফলত দেখা দিয়া পৰিবেশ সমস্যাক ৰাষ্ট্ৰসংঘৰ মানবিক পৰিবেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ হৈছিল। কনফাৰেন্স ১৯৭২ চনৰ ৫ জুনৰ পৰাৰ ১৬ জুনলৈ বৰ্ধিত হাৰত অনুষ্ঠিত হৈছিল।

তেতিয়াৰ পৰাই প্ৰতি বছৰেই এই দিৱস পালন কৰি অহা হৈছে। এই দিবস প্ৰথম পালন কৰা হৈছিল ১৯৭৩ চনত। প্ৰতি বছৰে বেলেগ বেলেগ দেশত, বেলেগ বেলেগ ধৰণে পালন কৰা হয়৷ উত্তৰ গোলাৰ্ধত বসন্তত আৰু দক্ষিণ গোলাৰ্ধত শৰতত পালন কৰা হয়৷

গোলকীয় উষ্ণতা ৰোধৰ বাবে সমগ্ৰ বিশ্বৰ দেশ আৰু চৰকাৰে কাম কৰি আহিছে৷ পৃথিৱীখনৰ বাবে ভয়ানক প্ৰত্যাহ্বান গোলকীয় উষ্ণতা। পৃথিৱীৰ জলবায়ু গড় উষ্ণতা দিনক দিনে বৃদ্ধি পায় অহাত বিশ্বৰ সকলো দেশ চিন্তিত। ৰাষ্ট্ৰসংঘই চিন্তিত হৈ এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'বলৈ বাৰে বাৰে কৈ আহিছে৷ প্ৰায় ১৯৭১ চনৰ পৰাই বৰ্ধিত শক্তিৰ প্ৰায় ৯০ শতাংশ সাগৰ-মহাসাগৰত জমা হৈছে৷

মূলত মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি কাল হ’ব পাৰে বিশ্ব মানুহৰ বাবে৷ তাৰ বাবে মানুহে পৰিৱেশ সংৰক্ষণ কৰিব লাগিব, ৰোধ কৰিব লাগিব পাহাৰ ধ্বংস৷ ৰুব লাগিব গছ-গছনি৷ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে কাম কৰি লাগিব প্ৰতিগৰাকী মানুহে৷

NNO চাবুৱাঃ চাবুৱা আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত চাবুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা চাবুৱা সাহিত্য সভাৰ কাৰ্যালয়লৈকে পথৰ দাতিত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়। কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ডিব্ৰুগড় জিলা উন্নয়ন আয়ুক্ত যাদৱ শইকীয়াই৷ চাবুৱা আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ সম্পাদক কৃষ্ণ গোহাঁই, চাবুৱাৰ ৰাজহ চক্ৰ বিষয়া মানৱজ্যোতি নাথ, চাবুৱাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰশান্ত সোণোৱাল, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতি উপ-সভাপতি দেৱজিৎ ৰাজখোৱা, সহকাৰী সাধাৰণ সম্পাদক দেৱঋষি চেতিয়া, পৰিবেশ-পৰ্যটক সম্পাদক তৰুণ ফুকন, চাবুৱাৰ সাংবাদিক দিব্যজ্যোতি লাহন, মৃদুৰঞ্জন চেতিয়া, গৌৰীকান্ত ডাঙৰীয়া, ভাগ্যজ্যোতি গগৈ, অৰূপ হাজৰিকাৰ লগতে ইয়ং ব্লু ক্লাৱৰ বিষয়া জিন্টু চেতিয়া, তিথাংক চেতিয়া আদিয়ে উপস্থিত থাকি বৃক্ষৰোপন কৰে।

NNO বাইহাটা চাৰিআলিঃ বিশ্ব পৰিবেশ দিৱস উপলক্ষে গছপুলি ৰোপন কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই৷ কামৰূপ জিলাৰ বিহদিয়াত স্থানীয় যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত বিশ্ব পৰিবেশ দিৱসত সাংসদ ৰমেন ডেকাই গছপুলি বিতৰণো কৰে৷ যুৱ সমাজকৰ্মী ৰমেন বৰুৱাই আঁতধৰা অনুষ্ঠানত সাংসদগৰাকীৰ লগতে পৰ্যতন নিগমৰ উপাধ্যক্ষ নৱদীপ কলিতা উপস্থিত থাকে৷ সাংসদ পুজিৰে নিৰ্মিত প্ৰেক্ষাগৃহ এটাও সাংসদ ৰমেন ডেকাই উদ্ধোধন কৰে৷ আনহাতে, কামৰূপ জিলাৰ মান্দাকাটাত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়৷ মান্দাকাটা অঞ্চলৰ পৰিবেশ হিতৈষী আনোৱাৰ হুচেইনৰ উদ্যোগত মান্দাকাটা আঞ্চলিক সেউজী সংঘৰ সৌজন্যত চতুৰ্থ বাৰ্ষিক বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়৷ “গছ থাকিলেহে মানুহ থাকিৱ” শীৰ্ষক আলোচনা চক্ৰত কুৰুৱা আঞ্চলিক বন সংমণ্ডলৰ বন বিষয়া ৰঞ্জন কুমাৰ বৰুৱাৰ লগতে সমাজকৰ্মী মতিৰাম ডেকা আৰু আবু চহিদে ভাষণ প্ৰদান কৰে৷ সমাজকৰ্মী বৈকুণ্ঠ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ অন্তত বেজেৰা-উত্তৰ গুৱাহাটী পথত ১০০০ গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰাম্ভ কৰা হয়৷ 

NNO নগাঁওঃ বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি নগাঁও জিলাৰ এক আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান মেলেকাধিং আদৰ্শ জাতীয় বিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। সেই উদ্দেশ্য বিদ্যালয় খনৰ অধ্যক্ষ মাহমাদুল হকে শুভাৰম্ভ কৰা বৃক্ষ ৰোপন কাৰ্যসূচীত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিফজুৰ ৰহমান, সম্পাদক মহৰম আলী, শিক্ষক-ৰক্তিম শৰ্মা, প্ৰাঞ্জল কলিতাকে প্ৰমুখ্যে কৰি শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ চৌহদত গছ পুলি ৰোপন কৰে। বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰাৰ অন্তত এখন সজাগতা সভা অনুষ্ঠিত হয়৷

NNO খেৰণিঃ বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠনে বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হৈছে। খেৰণি ডন বস্ক স্কুল কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত সজাগতা সমদল উলিয়াই৷ ছাৰ দকপ মেমৰিয়াল একাডেমিকৰ ছাত্ৰ-ছাত্ৰীসকলে বৃক্ষ ৰোপণ কৰে। ইফালে খেৰণি বন বিভাগে পৰিৱেশ সংৰক্ষণ কৰাৰ লগতে বান্দৰৰ খাদ্য যোগান ধৰাৰ উদ্দেশ্যেৰে দয়াংমুখ ফৰেষ্ট প্লানটেছন অঞ্চলত ৫০০ জোপা বিভিন্ন ধৰণৰ ফল মূলৰ পুলি ৰোপণ কৰে। বৃক্ষৰোপণ কাৰ্যসূচীত আমৰেঙ পৰিষদীয় সমষ্টিৰ সদস্য ৰিনা তেৰাংপীয়ে অংশ গ্ৰহণ কৰ৷

NNO মোৰাঝাৰঃ সমগ্ৰ বিশ্বৰ লগতে হোজাইৰ মোৰাঝাৰতো বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়৷ হোজাই জিলাৰ বন বিভাগৰ উদ্যোগত মোৰাঝাৰ জাতীয় একাডেমীৰ চৌহদ পৰিবেশ দিৱস পালন কৰা হয়৷ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মোৰাঝাৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ জিলা বন বিষয়া পুলক কুমাৰ চৌধুৰী আৰু ডবকা আঞ্চলিক বন বিষয়া অনুপম নেওগে বৃক্ষ ৰোপণ কৰে৷ কাৰ্যসূচীত জাতীয় একাডেমী আৰু গাইডেন্স জুনিয়ৰ কলেজৰ ছাত্ৰ-ছাত্ৰীকে ধৰি ক্ৰীড়া সন্থাৰ সদস্যসকলে অংশ লয়৷ মোৰাঝাৰ ক্ৰীড়া সন্থাৰ সহ সম্পাদক তথা সাংবাদিক ছাদিকুজ জামানে আঁতধৰা সভাত জিলা বন বিষয়াই ভাষণ প্ৰদান কৰি গছ ৰোপণ কৰি পৰিবেশ প্ৰদূষণ ৰোধ কৰিবলৈ আৰু প্লাষ্টিক বৰ্জন কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনায়৷ ক্ৰীড়া সন্থাৰ সম্পাদক বিলাল উদ্দিনেও চমু ভাষণ আগবঢ়ায়৷ 

NNO লিডুঃ প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে ৰাজ্যৰ চৌদিশে পৰিবেশ দিৱস পালন কৰা হৈছে। বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি কয়লাৰাণী হিচাবে খ্যাত মাৰ্ঘেৰিটা মহকুমাৰ লিডুতো মাৰ্ঘেৰিটা কুক কয়লা সন্থাৰ উদ্যোগত বিভিন্ন এলেকাত বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ কুক কয়লা সন্থাৰ বিষয়-ববীয়াসকলে অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠান, সামাজিক অনুষ্ঠানৰ চৌহদত প্ৰায় ৬০০ গছ পুলি ৰোপণ কৰে৷ লিডু কনিষ্ঠ মহাবিদ্যালয়ৰ লগতে শংকৰদেৱ বিদ্যাপীঠত উপস্থিত হৈ বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ কৰি বহু মূল্যবান গছ ৰোপন কৰে৷ যি খিনি সময়ত প্ৰকৃতিৰ ভাৰসাম্য বহু পৰিমানে বিনষ্ট হোৱাৰ উপক্ৰম হৈছে তথা মানুহে গছ-গছনি কাটি পৰিবেশ নষ্ট কৰিছে তেনে সময়তে পৰিবেশ সুৰক্ষাৰ স্বাৰ্থত গছ পুলি ৰোপনৰ প্ৰয়োজনীয়তা কিমান সেয়া প্ৰতিজন সচেতন নাগিৰকৰ সৰ্বজনবিদিত৷ 

 

NNO হাটশিঙিমাৰীঃ 'গণ মাৰ্গ'ৰ উদ্যোগত আৰু হাটশিঙিমাৰীৰ লাইব্ৰেৰী কাম টাউন ক্লাৱৰ সহযোগত ধুবুৰী জিলাৰ হাটশিঙিমাৰী প্ৰেছ ক্লাৱত বিশ্ব পৰিবেশ দিৱস পালন কৰা গয়৷ হাটশিঙিমাৰী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি জহিৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে এছআইডিৰ পৰিচালন সঞ্চালক ধ্ৰুবজ্যোতি কলিতা, বিশিষ্ট অতিথি হিচাপে ‘বৰ অসম বাৰ্তা’ৰ ৰঞ্জন দত্ত, ‘আসাম প’ষ্ট’ সম্পাদক কৈলাশ চৌধুৰী, নিমন্ত্ৰিত অতিথি হিচাপে পেট্ৰুছ নাৰ্জাৰী উপস্থিত থাকে। গণ মাৰ্গৰ অজিত কুমাৰ নাথ, মৃণালৰ চক্ৰৱৰ্তী সহ বহু লোক উপস্থিত থাকে৷ হাটশিঙিমাৰী প্ৰেছ ক্লাৱত অসমীয়া প্ৰতিদিন কাকতৰ কাজিৰঙাৰ সাংবাদিক ধ্ৰুবজ্যোতি সাহাইক পৰিবেশ সাংবাদিকতা বঁটা, নিউজ লাইভৰ ছয়গাঁৱৰ সাংবাদিক ভগৱান দাস, আছাম টকচৰ চাপৰৰ সাংবাদিক গকুল শিকদাৰক আদৰ্শ সাংবাদিকতা বটাঁ আৰু অসমীয়া খৱৰৰ ডিমাকুছিৰ সাংবাদিকতা পৱন নাথক গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰদান কৰা হয়৷ বিশিষ্ট লেখক ড০ ইকবাল হুছেইন খান, বিশিষ্ট শিক্ষাবিদ ড০ সৰ্বানন্দ শৰ্মা, শিল্পী গৌড় মণ্ডলক সম্বৰ্ধনা জ্ঞাপন কৰে। 

NNO গোৰেশ্বৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ উদ্যোগত গাৰোগাঁও শাখাৰ সহযোগত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। গাৰোগাঁও চ'কত পালন কৰা দিৱসত গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সভাপতি ৰেজেকুদ্দিন আহমেদ, সম্পাদক হিৰেণ ৰাজবংশী, সমাজসেৱক বিজয় দাসে বৃক্ষৰোপণ কৰে। গড়কপ্তানি পথটোৰ দুয়োকাষে ৰোপণ কৰা হয় গছপুলিসমূহ। অনুষ্ঠানত আন কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে। গাৰোগাঁও চ'কৰ ব্যৱসায়ীসকলেও কাৰ্যসূচীত সহযোগিতা আগবঢ়াই।

NNO ৰঙিয়াঃ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি জনবিকাশ উন্নয়ন সমিতিয়ে ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰিমত্ত বিদ্যাপীঠ হাইস্কুল, জ্বলতিৰাম লহকৰ হাইস্কুল চৌহদত বৃক্ষ ৰোপন কৰে। অনুষ্ঠানটো পৰিচালনা কৰে জন বিকাশ উন্নয়ন সমিতিৰ উপদেষ্টা তৌফিকুৰ ৰহমানে। বুবুল আলী, ইক্ৰাম হুছেইন, ইমদাদুল হুছেইন, খান বাবু চৌধুৰীৰ নেতৃত্বত বৃক্ষ ৰোপন কৰা হয়।

NNO বোকাজানঃ সমগ্ৰ বিশ্বৰ লগতে বোকাজানতো পালন কৰা হৈছে বিশ্ব পৰিবেশ দিৱস। বোকাজানৰ সৰিয়হজানত ছানৰাইজ য়ুথ চ'ছাইটিৰ উদ্যোগত পালন কৰা হয় পৰিবেশ দিৱস৷ কাৰ্যসূচীত বৃক্ষ ৰোপণ কৰাৰ লগতে মাৰাথান দৌৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। প্রায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে মাৰাথান দৌৰত। ছানৰাইজ য়ুথ চ'ছাইটিৰ উদ্যোগত বোকাজানত প্ৰত্যেক বছৰে পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস।

NNO জাজৰিঃ সমগ্ৰ বিশ্বৰ লগতে জাজৰিৰ বিভিন্ন স্থানত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। জাজৰি অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠান, বে-চৰকাৰী অনুষ্ঠানে পৰিবেশ সুৰক্ষাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী পালন কৰে। জাজৰি দলংঘাটৰ শংকৰ আজান জাতীয় বিদ্যালয়ত পুৱাৰে পৰা ছাত্র-ছাত্রী আৰু শিক্ষক কৰ্মচাৰী সকলে গছ থাকিলেহে মানুহ থাকিব এই শীৰ্ষক শ্ল’গানেৰে বিদ্যালয়খনৰ চৌহদত বিভিন্ন ধৰণৰ গছপুলি ৰোপন কৰে। জাতীয় বিদ্যালয়খনৰ প্ৰধান আবিদুৰ ৰহমানৰ অধ্যক্ষতাত এখন পৰিবেশ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভ‍া অনুষ্ঠিত হয়। সভাত ভাষণ প্ৰদান কৰে বিদ্যালয়খনৰ সচিব ৰাহুল দেৱ বৰদলৈ, জ্যেষ্ঠ শিক্ষক মৃদু মধুকল্য গোস্বামীয়ে। জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, জাজৰি কনিষ্ঠ মহাবিদ্যালয়, মাজগাঁও বিপিচি ছোৱালী হাইস্কুল আদি শিক্ষানুষ্ঠানত পৰিবেশ দিৱস পালন কৰা হয়।

NNO বিহালীঃ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পাভৈ-পাচঁআলি, ধুলি, বালিচাং, তিনিসুতী নপমুৱা শাখা ছাত্ৰ সন্থাৰ লগতে এম বিআই, কে বি আই আৰু এ বি আই প্ৰতিষ্ঠানৰ সহযোগত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়৷ পাভৈ, ধুলি, নপমুৱাত বৃক্ষৰোপণ আৰু গছপুলি বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি হেমন্ত সোনাই আঁতধৰা অনুষ্ঠানত বৃক্ষৰোপন কাৰ্যসূচী মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী চিকাৰী তেৰঙে। কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দুলদুল বৰকটকীয়ে কয় যে গছ থাকিলেহে মানুহ থাকিব। গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে যধে মধে গছ গছনি কাটি তহিলং কৰাটোৱে। আমি এজোপা গছ কাটিলে তিনিজোপা গছপুলি ৰোপন কৰিব লাগে। নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সাধাৰন সম্পাদক সংগল গয়াৰী, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মঃ আজমত শ্বেখ, ধুলিৰ সমাজকৰ্মী পিউচ খালখ, পাভৈৰ মিলন খাউণ্ড, মণি শইকীয়া, ধুলিৰ অৰুন নাগ, পাংখ্ৰাচিউচ খালখ, পাভৈ পাঁচআলি, ধুলি, তিনিসুতি নপমুৱা শাখা ছাত্ৰ সন্থাৰ বিষয়-ববীয়া ৰাইজ উপস্থিত থাকে।

NNO তেজপুৰঃ সমগ্ৰ বিশ্বৰ লগতে শোণিতপুৰ জিলাৰ বিভিন্ন দল-সংগঠনে বিশ্ব পৰিবেশ দিৱস পালন কৰে। শোণিতপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত তেজপুৰ লোকপ্ৰিয় গোপী নাথ বৰদলৈ  মহাবিদ্যালয়ৰ সহযোগত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ শোণিতপুৰ জিলাৰ উপাযুয়ুক্ত মনোজ কুমাৰ ডেকাই বৃক্ষৰোপন কৰে৷।শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি দিমচান্দ বৰদলৈ সভাপিত্বত অনুষ্ঠিত এখন সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা, বিশিষ্ট পৰিবেশ বিজ্ঞানী মানৱেন্দ্ৰ মণ্ডল, অৰুণ বৰা, সঞ্জয় কুমাৰ তাঁতীয়ে উপস্থিতি থাকে৷ সভাত সৌৰভ বৰকটকীক আদৰণি জনায়। সভাত শোণিতপুৰ জিলা কবি সন্মিলন ভাৰপ্ৰাপ্ত সভাপতি দিপালী গোস্বামী মহন্ত, কবি গীতা শইকীয়া, মদন মোহন সিং, কামেশ্বৰ দাসক সম্বৰ্ধনা যাচে৷

NNO বঢ়মপুৰঃ তিৱা ভাষা-কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত কটহগুৰি প্ৰাথমিক বিদ্যালয়ত পৰিবেশ দিৱস পালন কৰা হয়৷ নগাঁও তিৱা ভাষা-কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ সভানেত্ৰী মুঙছাজ’ অমিয়া পাটৰ, সহ সম্পাদক মুংছা প্ৰভাত বৰদলৈ, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়-ববীয়া, বিদ্যালয় মাতৃ গোটৰ লগতে স্থানীয় লোক উপস্থিত থাকে৷ সভাত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপিকা মুঙছাজ’ সঞ্চিতা বৰা উপস্থিত থাকে৷ কাৰ্যসূচী মতে প্ৰথমে বৃক্ষ ৰোপণ কৰা হয়৷ বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী মুংছা গোলেশ্বৰ পাটৰে৷ ইয়াৰ পিছতে সজাগতা সভাখন অনুষ্ঠিত হয়৷ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যদিহে এতিয়াৰ পৰাই পৰিবেশ সম্বন্ধীয় সজাগতাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰা তেন্তে ইয়াৰ সুদূৰ প্ৰসাৰি প্ৰভাৱ পৰিব৷ কিন্তু তাৰ বাবে ওচৰ-চুবুৰীয়া, পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে আমি সকলোবোৰ সজাগ হ’ব বুলি কয় মুঙছাজ’ সঞ্চিতা বৰাই৷