newsnextone.com | চিচিবৰগাঁওঃ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বুধবাৰে ধেমাজি জিলাৰ জামুগুৰিত গণ বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ জীয়াধল আঞ্চলিক সমিতি আৰু অঞ্চলটোৰ যুৱ সংঘ, মহিলা গোট, মহিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত গণ বিক্ষোভত কেইবাশতাধিক লোক উপস্থিত থাকে৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰা, ভাৰত-বাংলা সীমান্ত শীঘ্ৰে ছীল কৰাৰ দাবীত জামুগুৰি পাঁচ আলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৃহৎ গণ বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হয়৷ বুধবাৰে পুৱাৰে পৰা আছুৰ আহ্বানত একত্ৰিত হোৱা বিভিন্ন প্ৰান্তৰ পুৰুষ-মহিলাই চৰকাৰৰ অসম ধ্বংসকাৰী বিধেয়কৰ বিৰুদ্ধে মত পোষণ কৰে৷ এই বিধেয়ক কোনো কাৰণত মানি নোলোৱাৰ হুংকাৰ দিয়ে ৰাইজে৷ 

গণ বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি চিত্তৰঞ্জণ বসুমতাৰী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক দেৱজিত দাস, টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মনোজ গগৈ, সদৌ বৰগোহাঁই বংশাৱলীৰ সভাপতি মুহি বৰগোহাঁই, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপাপ্ত অধ্যক্ষ ড০ বুদ্ধিন্দ্ৰ বৰুৱাই গণ বিক্ষোভ কাৰ্যসূচীত অংশ লৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে৷ নেতাসকলে সৰ্বানন্দ সোণোৱালক শীঘ্ৰে নিজৰ মত স্পষ্ট কৰিবলৈ দাবী জনায়৷