newsnextone.com | ওদালগুৰিঃ আমাৰ দেশৰ তথা ৰাজ্য খনৰ দৰিদ্ৰ, গৰীৱ, খাটিখোৱা লোকসকলৰ কল্যাণৰ বাবে ন’ ন’ আঁচনি ৰূপায়ন কৰে চৰকাৰে৷ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰি জনসাধৰণৰ কল্যাণৰ বাবে আঁচনি ৰূপায়ন কৰে৷ ৰাজকোষৰ কোটি কোটি টকা চলাধ কৰা হয়৷ মন্ত্ৰী-আমোলাৰ জৰিয়তে এনে আঁচনি সমূহ ৰূপায়ন কৰি জনসাধৰণক সেৱা কৰাৰ চেষ্টা কৰে চৰকাৰে৷ 

কিন্তু প্ৰকৃততে এনে আঁচনি সমূহৰ পৰা জনসাধৰণে কল্যাণ লাভ কৰে নে৷ যদি গ্ৰাম্য অঞ্চলত ৰূপায়ন কৰা বিভিন্ন আঁচনি প্ৰত্যক্ষ কৰিলে প্ৰতিখন চৰকাৰেই ফেইল মৰা দেখা যায়৷ জলসিঞ্চনৰ পৰা আৰম্ভ কৰি কৃষিলৈ৷ শিক্ষা, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি জনস্বাস্থ্যলৈ সকলো আঁচনিয়েই গ্ৰাম্য এলেকাত ফেইল মৰা দেখা যায়৷ 

বিভিন্ন আঁচনি ৰূপায়ণ হয় যদিও সেই সমূহ মেৰামতি, চোৱা চিতা কৰাৰ অভাৱত জহি-খহি যায়৷ বিশেষকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি সমূহ বৰ্তমান তেনে ৰূপ লৈছে৷ অসমৰ গাঁৱে-ভূঞে স্থাপন কৰা আঁচনি সমূহ জহি-খহি যাবলৈ আৰম্ভ কৰিছে৷ বহু পানী যোগান আঁচনিত ট্ৰেন্সফৰ্মাৰ সমূহ বিকল হৈ পৰিছে৷ পাইপ সমূহ ফুটি নষ্ট হৈছে৷ আঁচনি সমূহৰ চৌহদৰ পকী দেৱাল সমূহ বাগিৰ পৰিছে টেংকী সমূহ গছ-গছনি লতাই মেৰিয়াই ৰাখিছে৷ মুঠৰ ওপৰত অসমৰ গ্ৰাম্য অঞ্চলৰ ৯০ শতাংশ পানী যোগান আঁচনি বিকল হৈ পৰিছে৷

অগপ, বিজেপি, বিপিএফ মিত্ৰদলৰ চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ আজিও বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত ৰাইজৰ অভাৱ দূৰ কৰিব পৰা নাই৷ বিশেষকৈ ৰাজ্য চৰকাৰ খনে বিশুদ্ধ খোৱাপনী যোগানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা দেখ নাযায়৷

ৰাজ্যৰ আন ঠাইৰ কথাটো দুৰৰ কথা খোদ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীৰ বিধানসভা সমষ্টিত প্ৰায় সমূহ বিশুদ্ধ খোৱাপানী যোগান আঁচনি বিকল৷ যাৰ ফলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ গৃহ সমষ্টিত তীব্ৰ জল সংকতে দেখা দিছে। ওদালগুৰি জিলাৰ উত্তৰ অঞ্চলৰ ভাৰত-ভূটান সীমান্তৰ কেইবাখনো গাঁৱত এতিয়া খাবলৈ নাই এটুপি বিশুদ্ধ খোৱাপানী। ওদালগুৰি জিলা সদৰৰ পৰা প্ৰায় ৯ কিঃ মিঃ উত্তৰে থকা বড়ীগাঁও, নাৰায়ণপুৰ, দৰ্জীবস্তি, তালঝাৰ আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে বিশুদ্ধ পানীৰ নামত সেৱন কৰিছে ভূটানৰ পৰা বৈ অহা নৈ, জান ইত্যাদিৰ পানী। অঞ্চলটোৰ প্ৰায় দহখন গাঁৰ চাৰিশটা পৰিয়ালক স্বাধীনতাৰ সাতটা দশকৰ পাছতো উন্নয়নে ঢুকি পোৱা নাই। 

গাঁও কেইখনত আজি পৰ্যন্ত খোৱা পানীৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভিন্ন অভিলাসী আচঁনিয়ে ঢুকি পোৱা নাই। অতি দুখৰ বিষয় যে খোৱাপানীৰ বাবে একমাত্ৰ ভূটান প্ৰদেশৰ পৰা বৈ অহা নৈৰ পানীকে ভৰষা কৰি থকা গাওঁকেইখনৰ কেইবাসহস্ৰাধিক ৰাইজৰ মাজত বৰ্তমান হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কাৰণ বৰ্তমান  নৈ সমূহত নাই এটুপিও পানী। ফলত নৈৰ বুকু খান্দি পানী উলিওৱা দৃশ্যই একবিংশ শতিকাৰ চৰকাৰখনৰ নগ্ন ৰূপটো প্ৰতিফলিত কৰিছে। ৰাইজে কেইবাবাৰো উৰ্ধতম কৰ্তৃপক্ষক খোৱাপানীৰ ব্যৱস্থা কৰি দিয়াৰ দাবী জনাই আহিছে যদিও ৰাইজৰ আৱেদনক কানসাৰ নিদিলে বিভাগীয় কৰ্তৃপক্ষই। 

আনহাতে গাঁও সমূহৰ একাংশ লোকে আকৌ বহু কিল'মিটাৰ দূৰত থকা ৰাজহুৱা কুৱাঁৰ পৰা চাইকেল, ঠেলা কিম্বা খোজকাঢ়ি পানী আনিবলৈ যোৱা দৃশ্য এতিয়া সুলভ। কণ-কণ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈ সকলোৱে এটুপি পানীৰ বাবে বহু দুৰলৈ খোজকাঢ়ি যাবলগীয়া হয়। ইফালে এনে নৈ-নাদৰ পানী সেৱনৰ ফলত গাঁও সমূহৰ  শিশুৰ পৰা আৰম্ভ কৰি বিভিন্ন বয়সৰ লোকে নানা ধৰণৰ ৰোগত আক্ৰান্ত হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। দূষিত পানী সেৱন কৰাৰ ফলত ডাইৰিয়া, কলেৰাকে আদি কৰি পানীৰে গা ধোৱাৰ ফলত চৰ্ম ৰোগে দেখা দিছে শৰীৰত। 

গাঁও কেইখনৰ পৰা প্ৰায় এঘাৰ কিল'মিটাৰ দূৰত ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ যাবলগীয়া হয় গাঁও কেইখনৰ দৰিদ্ৰ লোকসকলে। কিয়নো গাঁও কেইখনৰ কোনো স্থানতে চৰকাৰী চিকিৎসা সেৱা কিম্বা স্বাস্থ্য বিভাগৰ উপস্বাস্থ্য কেন্দ্ৰ। যাৰ বাবে সাধাৰণ ৰোগত আক্ৰান্ত হ'লেও গঞাঁ ৰাইজে জিলা সদৰত থকা অসামৰিক চিকিৎসালয়লৈ যাবলগীয়া অৱস্থাৰ সৃষ্টি হয়। কেৱল ইমানেই নহয়, গাঁও কেইখনৰ ৰাইজে আজিলৈ প্ৰধান মন্ত্ৰী গ্ৰাম্য বিদ্যুতিকৰণ আঁচনিৰ সুবিধা লাভ কৰা নাই। 

গাঁও খনত কিছু পূৰ্বে বিদ্যুতৰ ব্যৱস্থা কৰিছে যদিও সেয়া গাঁৱৰ ৰাইজে হাঁঠিৰ ধন ভাঙিহে ক্ৰয় কৰাৰ দৰে হৈছে বুলি সাংবাদিকক জানিবলৈ দিছে। ৰাইজে সাংবাদিকৰ আগত অভিযোগ কৰি কয় যে নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিসকলে গাঁও সমূহৰ উন্নয়ণৰ আশ্বাস প্ৰদান কৰে যদিও সেই আশ্বাস বাস্তৱত ৰূপায়ণ নহয়গৈ। গঞাঁ ৰাইজে স্থানীয় বিধায়ক তথা ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীক গাঁও খনৰ খোৱাপানীৰ সমস্যাৰ লগতে পৰ্যায়ক্ৰমে আন সমস্যাসমূহ সমাধানৰ বাবে দাবী উত্থাপন কৰে।