newsnextone.com | গুৱাহাটীঃ অসমৰ দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম উকীল সন্থাই৷ সদৌ অসম উকীল সন্থাই অহা ১২ জুনত ৰাজপথলৈ ওলাই আহি বিধেয়ক বাতিলৰ দাবী জনাব৷

১২ জুনত দিনৰ ১-২ বজালৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰ আৰু মহকুমা সদৰত উকীল সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ধৰ্মঘট-সমদল উলিয়াব৷ ধৰ্মঘট-সমদলৰ অন্তত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিব৷ জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰূপায়ন কৰিবলগীয়া কাৰ্যসূচীত সকলো প্ৰকাৰৰ লোকৰ সহায়-সহযোগিতা কামনা কৰিছে সদৌ অসম উকীল সন্থাই৷