12
Jun
2018

newsnextone.com | গোৰেশ্বৰঃ কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই উদীয়মান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক দুৰ্বৃত্তই নৃসংশভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত মঙলবাৰে গোৰেশ্বৰৰ মহৰিপাৰাত মম জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷
নিলোৎপল দাস আৰু অভিজিত নাথৰ মৃত্যুত জাতি-বৰ্ণ-নিৰ্বিশেষে বাক্সা জিলাৰ গোৰেশ্বৰৰ মহৰিপাৰাত সচেতন ৰাইজে গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে৷ অপৰাধীক কঠোৰ শাস্তিৰ প্ৰদানৰ দাবী জনায়। অনুষ্ঠানত যথেষ্ঠ সংখ্যাক লোকে অংশগ্ৰহণ কৰে আৰু সকলোৱে হাতে হাতে প্লেকাৰ্ড প্ৰদৰ্শন কৰি দুই যুৱকক ন্যায় প্ৰদানৰ দাবী জনায়৷