
newsnextone.com | গুৱাহাটীঃ অস্ত্ৰবিহীন বিশ্বযুদ্ধ৷ দুই ভৰিৰ যাদুৰে বিশ্বযুদ্ধ কৰিব ৩২ খন দেশে৷ যুদ্ধৰ সাক্ষী হৈ ৰ’ব সমগ্ৰ বিশ্ব৷ কোনোৱে মোবাইলত, কোনোৱে ষ্টেডিয়ামত, কোনোৱে টিভিৰ সন্মুখত বহি উপভোগ কৰিব যুদ্ধ৷ কোনে দখল কৰিব এই যুদ্ধৰ খিতাপ৷ হয়, বিশ্বকাপ ফুটবলৰ কথাকেই কৈছোঁ৷ কেইটামান ঘণ্টাৰ পিছত আৰম্ভ হ’বলগীয়া বিশ্বকাপ ফুটবৰল মহাৰণক লৈ সমগ্ৰ বিশ্ব উদগ্ৰীৱ৷
প্ৰথম বাৰ ১৯৩০ চনত উৰগুৱেত আৰম্ভ হোৱা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা প্ৰতি ৪ বছৰৰ মূৰকত আয়োজন হৈ আহিছে৷ এইবাৰ ২১ সংখ্যাক ফুটবল প্ৰতিযোগিতা৷ বৃহস্পতিবাৰে মস্কোৰ লুজনিকী ষ্টেডিয়ামত শুভৰাম্ভ হ’ব৷ ১৯৩০ চনত ৪,৬৪০০০ মানুহে খেল চাইছিল৷ ১৩টা দল আছিল৷ এতিয়া ৮৮ বছৰ পিছত দল হৈ পৰিল ৩২ টা৷ ১১ স্থানত খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ কোটি কোটি জনতাই ষ্টেডিয়াম আৰু মোবাইল, টিভিত খেল চাব৷
ৰাছিত এইবাৰ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাক লৈ এক উৎসাহজনক পৰিবেশ৷ ফুটবল বলিয়া মানুহেৰে ভৰি পৰিছে ৰুছ৷ চৌদিশে কেৱল ফুটবলক লৈ উল্লাস৷ কিছুসময়ৰ পাছতে আৰম্ভ হ'ব বিশ্ব ফুটবলৰ মহাৰণ। ৩২ খন দেশৰ যোদ্ধাই সাঁজু হৈছে ভৰিৰ শক্তি দেখুৱাবলৈ৷ ৰাছিয়াত সাজু মহাশক্তি আৰ্জেন্টিনা, জাৰ্মানী, ব্ৰাজিল, পৰ্তুগাল, স্পেইন আদি।
এঘড়ী যুঁজিবলৈ সাজু ছৌডি আৰৱ, ইৰাণ, জাপান, দক্ষিণ কোৰিয়াও। কিন্তু এইবাৰ বিশ্বযুদ্ধত নাথাকিব ৪ বাৰৰ বিজয়ী ইটালী। যাৰ ডিফেন্স আছিল শিলৰ দৰে কঠিন। চুটি চুটি পাছ, মন্থৰ গতি আদিৰে প্ৰতিদ্বন্দ্বিক বিৰক্ত কৰি খেল নিজৰ হাতত ৰখা ইটালীৰ এই ছন্দপতনক যেন কোনো অনুৰাগীয়ে মানি লব পৰা নাই।
টটী, ভিয়েৰী, ইনজাহীৰ দিনৰ তাহানিৰ ইটালী ক'ত হেৰাল? একেদৰে নাই যুঁজাৰু নেদাৰলেণ্ড৷ ফুটবলৰ সৰ্বাংগসুন্দৰী ব্ৰাজিলৰ যেন লোপ পালে সৌন্দৰ্য্যৰ৷ ছাম্বাৰ লহৰে-লহৰে অনুৰাগীক মোহিত কৰি ৰখা ব্ৰাজিলক লৈ যেন সম্পুণ আশাবাদী নহয় ফুটবল প্ৰেমী।
মিডফিল্ডত বল লৈ দৌৰা তাহানিৰ ৰোণাল্ডিনহো। যি এফালৰ পৰা প্ৰতিদ্বন্দ্বিক ধৰাশায়ী কৰি বল আগুৱাই নি সঠিক সময়ত বল ঠেলি দিছিল বাওলেংঠত থকা ৰিভাল্ডো বা সোঁ লেংঠত থকা ৰোণাল্ডোক।
প্ৰতিদ্বন্দ্বিত ধৰিব পৰাৰ আগতেই বল গৈ সোমাইছিল গৈ গ'লপোষ্টত! সেই সোণালী ইতিহাসৰ গৰাকী পেলেৰ দেশৰ ব্ৰাজিলে যেন ধৰি ৰাখিব পৰা নাই নিজ গৌৰৱগাঁথা। তাৰ মাজতেই আশাৰ বন্তি গছি জ্বলাই ৰাখিছে নেইমাৰে। নেইমাৰেই এতিয়া ব্ৰাজিলৰ ভৱিষ্যৎ। ফুটবলৰ যুৱৰাজ লিঅ'নেল মেছী কোটি কোটি জনগণৰ নয়নৰমণি।