newsnextone.com | ডিফুঃ দুই যুৱকৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া-প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ভৈয়ামৰ পৰা পাহাৰলৈ যাব এটা সঁজাতি দল৷ গুৱাহটীৰ পৰা বিশিষ্ট নাগৰিকৰ এটা দলে শান্তিৰ বতৰা লৈ পাহাৰীয়া জিলালৈ যাব বুলি জানিব পৰা গৈছে৷

সেউজীয়া কাৰ্বি পাহাৰত অভিজিৎ-নিলোৎপলৰ বৰ্বৰ ভাৱে হত্যা কৰাৰ অন্তত সৃষ্টি হোৱা পৰিস্থিতিৰ অন্তত কাৰ্বি পাহাৰত পাহাৰ-ভৈয়ামৰ সাতামপুৰুষীয়া ঐক্য-সমপ্ৰীতি অটুট ৰখাৰ অৰ্থে সদ্ভাৱনা যাত্ৰালৈ যাব বিশিষ্ট নাগৰিকৰ দলটোৱে৷

১৫ জুনত অসম নাগৰিক সমাজৰ ১০ জনীয়া সঁজাটি দল ডিফুত উপস্থিত হ’ব৷ দলটোৱে বিয়লি ৩-৩০ বজাত ডিফু ক্লাৱত বিভিন্ন দল-সংগঠনৰ সৈতে মত-বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷ সঁজাতি দলটোত অজিত কুমাৰ ভূঞাঁ, প্ৰশান্ত ৰাজগুৰু, হৰে কৃষ্ণ শইকীয়া, ধীৰেণ শইকীয়া, লোকনাথ গোস্বামী আৰু শিল্পী বিৰেণ সিংহ থাকিব বুলি জানিব বুলি জানিব পৰা গৈছে৷