newsnextone.com | বিলাসীপাৰাঃ দুই যুৱকৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া-প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰ বিলাসীপাৰাত যুৱ বজৰং দলে মম জ্বলাই মৌন সমদল উলিয়াই দুয়ো যুৱকৰ আত্মাৰ সদ্গতি কামনা কৰে৷ 

মমবাতি লৈ মৌন সমদল উলিয়াই যুৱ বজৰং দলে কাৰ্বি আংলং ডকমকা কাণ্ডৰ প্ৰতিবাদো জনায়৷ বিলাসীপাৰাৰ গান্ধী চকত শিল্পী নিলোৎপল আৰু অভিজিতৰ হত্যাকাৰীসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়৷