newsnextone.com | ডিব্ৰুগড়ঃ বৃহস্পতিবাৰে ভাৰতৰ ছাত্ৰ ফেডাৰেচন (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি কাশ্যপ চৌধুৰী আৰু সাধাৰণ সম্পাদক নিৰংকুশ নাথে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁইৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। 

স্মাৰকপত্ৰখনত সংগঠনটোৰ ফালৰ পৰা অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ বি চি দাসৰ নেতৃত্বত গঠন কৰা তদন্ত কমিটিৰ প্ৰতিবেদন শীঘ্ৰেই ৰাজহুৱা কৰাৰ দাবী জনায়। লগতে সংসদৰ অধ্যক্ষজনে প্ৰশ্নকাকত ফাদিলৰ বিষয়টো মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ চেলৰ দ্বাৰা অনুসন্ধান কৰিব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো কিহৰ বাবে সংস্থাটোৰ দ্বাৰা এই অনুসন্ধান কৰা নহ'ল তাৰো এক স্পষ্টীকৰণ বিচাৰে। 

স্মাৰকপত্ৰ গ্ৰহণ কৰি অধ্যক্ষ গৰাকীয়ে কাৰ্যবাহী পৰিষদৰ অনুমতি সাপেক্ষে ২ জুলাইৰ ভিতৰত এই প্রতিবেদন ৰাজহুৱা কৰিব বুলি অৱগত কৰে আৰু চি এম ভিজিলেঞ্চ চেলক তদন্তৰ কাম অৰ্পণ কৰা হ'ব বুলি অৱগত কৰে।