
newsnextone.com | খাৰুপেটীয়াঃ অশান্ত জৰ্জৰ সমগ্ৰ বিশ্ব পুনৰ শান্ত হওক। প্ৰকৃতিয়ে এক সুস্থিৰ অৱস্থা পাওক। সমাজক কলুষিত কৰা অসামাজিক দানৱবোৰ নোহোৱা হৈ সমাজলৈ এক শান্ত সৌম্য বাতাবৰণ পুনৰ ঘূৰি অহা অজস্ৰ আশা আৰু সপোনেৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে শনিবাৰে পালন কৰিছে পবিত্ৰ ঈদ-উল-ফিৎৰ।
ৰমজানৰ ৰোজা শেষ হোৱাৰ পিছত সমগ্ৰ বিশ্বত অতি উলাহ-মালহেৰে ঈদ-উল-ফিৎৰ উদযাপন কৰিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত মহা আয়োজন চলা পৰিলক্ষিত হৈছে। শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা বহন কৰি শনিবাৰে ঈদ-উল-ফিৎৰৰ প্ৰস্তুতি সম্পন্ন হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে খাৰুপেটীয়াতো উলহ মালহৰে নামাজ আদায় কৰে ইছলাম ধৰ্মালম্বী লোকে।
খাৰুপেটীয়া বেলতলী ঈদগাহত আলহাজ মৌলনা তালেব উদ্দিন আহমেদৰ ইমামতিত প্ৰায় দহ সহস্ৰাধিক লোকে নামাজ আদায় কৰে। ইফালে খাৰুপেটীয়া টাউন জামে মছজিদ ঈদগাহত মৌলনা আহমদ আলীৰ ইমামতীত প্ৰায় চাৰি সহস্ৰাধিক লোকে নামাজ আদায় কৰে। নামাজৰ অন্তত দোৱা হয়। পিছত ইজনে সিজনক সাৱটি ভাতৃত্ববোধৰ মৰম বিলায়।